অসম বাজেট ২০২৫-২৬ : বিত্তমন্ত্ৰী অজন্তা নেওগৰ ভাষণ-LIVE - ASSAM BUDGET 2025 26

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : March 10, 2025 at 11:36 AM IST

|

Updated : March 10, 2025 at 12:55 PM IST

1 Min Read
Choose ETV Bharat
অপেক্ষাৰ অন্ত পৰিল ৷ আজি অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে ‘‘অসম বাজেট ২০২৫-২৬’’ ৷ পিছে কি কি আছে এই বাজেটত ? প্ৰতিটো ৰাজনৈতিক দল দৃষ্টি নিবদ্ধ আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে বিধানসভাৰ মজিয়াত দাখিল কৰা আগন্তুক বিত্তীয় বৰ্ষৰ বাজেটখনৰ ওপৰত । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগেয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এইখন হ’ল শেষৰখন পূৰ্ণাংগ বাজেট । প্ৰাক বাজেট দাখিলকালীন সময়চোৱাত বিশ্লেষকসকলে ধাৰণা কৰিছে যে ২০২৫-২৬ বৰ্ষৰ বাজেটখনত ২০২৬ৰ নিৰ্বাচনমুখী ভালেমান চমক থাকিব । দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীক লক্ষ্য কৰি ঘোষণা কৰা হ’ব একাধিক আঁচনি । ইতিমধ্যে বিত্তমন্ত্ৰী অজন্তা নেওগে মহিলা সবলীকৰণ, কৃষক, নিবনুৱা যুৱক-যুৱতী আৰু সমাজৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীক কেন্দ্ৰ কৰি গুৰুত্বপূৰ্ণ ঘোষণাৰ ইংগিত দিছে ।

Last Updated : March 10, 2025 at 12:55 PM IST

ABOUT THE AUTHOR

...view details