আৰক্ষীৰ বৰঘৰত কৰ্মচাৰীয়ে উভটি ধৰিলে অধিনায়কক - দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী

🎬 Watch Now: Feature Video

thumbnail
অধিনায়ক গৌৰৱ আগৰৱালাৰ বিৰুদ্ধে প্ৰতিবাদ (undefined)

By ETV Bharat Assamese Team

Published : March 2, 2024 at 10:48 PM IST

1 Min Read
Choose ETV Bharat

দেৰগাঁও, 2 মাৰ্চ : দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ ভিতৰচ'ৰাৰ বিটিচিত শনিবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । বিটিচিৰ অধিনায়ক গৌৰৱ আগৰৱালাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অধিনায়কৰ কাৰ্যালয়ত কৰ্মচাৰীসকলে সৃষ্টি কৰিলে এক উত্তপ্ত পৰিস্থিতিৰ ।

কৰ্মচাৰীসকলৰ অভিযোগ তলতীয়া কৰ্মচাৰীক অত্যন্ত বেয়া ব্যৱহাৰ কৰে অধিনায়ক গৌৰৱ আগৰৱালাই । সৰু সৰু কথাতে দুৰ্ব্যৱহাৰ কৰে কৰ্মচাৰীৰ লগতে জোৱানসকলক । যাৰ ফলশ্ৰুতিত মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছে কৰ্মচাৰীসকল । ইতিমধ্যেই অসন্তুষ্ট আৰক্ষীৰ লোকসকলে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙলৈ বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত সকলো ভুক্তভোগী কৰ্মচাৰীৰ স্বাক্ষৰ সম্বলিত পত্ৰ প্ৰেৰণ কৰাৰ ব্যৱস্থা হাতত লৈছে ৷ অধিনায়কগৰাকীক এই সংক্ৰান্তত মন্তব্য বিচৰা হৈছিল যদিও মন্তব্য দিয়াৰ পৰা বিৰত থাকে অধিনায়কজন ।

লগতে পঢ়ক :  দেৰগাঁৱত চিকিৎসকৰ ঘৰৰ পৰা চোৰে লুটিলে বহু লক্ষাধিক টকাৰ সম্পত্তি

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details