লখিমপুৰত পিষ্টলসহ দুই অৰুণাচলী যুৱক আটক - Detained Arunachalee youth - CRIME IN LAKHIMPUR

🎬 Watch Now: Feature Video

thumbnail
লখিমপুৰত পিষ্টলসহ দুই অৰুণাচলী যুৱক আটক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 27, 2024 at 11:03 AM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ, ২৭ জুন : বুধবাৰে বিয়লি লখিমপুৰত পিষ্টলসহ দুই অৰুণাচলী যুৱকক স্থানীয় ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক । ধৃত দুই যুৱকৰ পৰা ১৩টা সজীৱ গুলীসহ এটা 7.56 পিষ্টল উদ্ধাৰ আৰক্ষীয়ে ৷ আটকাধীন অৰুণাচলী যুৱকদ্বয় হ’ল নবাম টাকাম আৰু লিচা নিকুম ৷ নবাম টাকামৰ ঘৰ নামনি সোৱণশিৰি জিলাৰ ইয়াজুলীত আৰু লিচা নিকুমৰ ঘৰ পাপুমপাৰে জিলৰ দুইমুখত বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, ধৃত দুই যুৱকে এখন বিলাসী বাহনত আহি হাৰমতীত এখন ফলমূলৰ দোকানত আম কিনিবলৈ আহিছিল ৷ কিন্তু আমৰ দামক লৈ ব্যৱসায়ীজনৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয় যুৱকদ্বয় । আনকি যুৱক দুজনে পিষ্টল উলিয়ায় ব্যৱসায়ীজনক ধমক দিয়ে । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

তাৰ পাচতে সকলো ব্যৱসায়ী গোট খাই যুৱক দুজনক কৰায়ত্ত কৰি হাৰমতীৰ আৰক্ষীক খবৰ দিয়ে । খবৰ লাভ কৰি উক্ত স্থানত উপস্থিত হৈ হাৰমতীৰ আৰক্ষীয়ে আটক কৰে দুয়ো অভিযুক্তক ৷ জানিব পৰা মতে, যুৱকদ্বয়ে পিষ্টলটোৰ অনুজ্ঞাপত্ৰ আছে বুলি কয় যদিও আৰক্ষীক অনুজ্ঞাপত্ৰ দেখুৱাবলৈ সক্ষম হোৱা নাই ৷

ইতিমধ্যে আৰক্ষীয়ে দুয়ো অভিযুক্তৰ পৰা পিষ্টলটোৰ লগতে ১৩ টা সজীৱ গুলী, দুটাকৈ আইফোন, চি এইচ ০১ চি বি ০০৯১ নম্বৰৰ এখন বিলাসী বাহনো জব্দ কৰে । সম্প্ৰতি লালুক থানাত জেৰা কৰি থকা হৈছে দুই অভিযুক্তক ৷

লগতে পঢ়ক : আৰক্ষী-ডকাইতৰ মাজত গুলীয়াগুলীত আহত এজন, পিষ্টল জব্দ - FIRING incident in Bokakhat

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details