শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে অসম আৰক্ষীৰ কমাণ্ডো জোৱানে - Road accident in Goalpara - ASSAM POLICE COMMANDO JAWAN KILLED

🎬 Watch Now: Feature Video

thumbnail
পথ দুৰ্ঘটনাত নিহত অসম আৰক্ষীৰ কমাণ্ডো জোৱান (undefined)

By ETV Bharat Assamese Team

Published : March 29, 2024 at 10:11 PM IST

1 Min Read
Choose ETV Bharat

গোৱালপাৰা,২৯ মাৰ্চ: মৃত্যুদূতত পৰিণত হৈছে গোৱালপাৰা জিলাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । প্ৰায় প্ৰতিদিনে সংঘটিত হৈ আহিছে এটাৰ পিচত এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা । শুকুৰবাৰে দুপৰীয়াৰ ভাগত সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত হয় নতুনকৈ নিযুক্তি পোৱা কমাণ্ডো জোৱান ধ্ৰুৱজ্যোতি ৰাভা । আনহাতে গুৰুতৰভাৱে আহত হয় পৰাগজ্যোতি ৰাভা । জানিব পৰা মতে, ধ্ৰুৱজ্যোতি ৰাভাই এবছৰ পূর্বে অসম আৰক্ষীৰ কমাণ্ডো জোৱান হিচাপে নিযুক্তি লাভ কৰিছিল ।  

এবছৰ পিচত দৌল-মহোৎসৱ উপলক্ষে ছুটী লৈ ঘৰলৈ আহিছিল । শুকুৰবাৰে দুপৰীয়াৰ ভাগত নিজ বন্ধুৰ সৈতে এখন স্কুটীৰে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ধূপধৰালৈ গৈ থাকোতে পিচফালৰ পৰা অচিনাক্ত বাহন এখনে খুন্দা মৰাৰ ফলত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো । বাহনখনৰ খুন্দাত থিতাতে নিহত হয় অসম আৰক্ষীৰ কমাণ্ডো জোৱান ধ্ৰুৱজ্যোতি ৰাভা । ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে অচিনাক্ত বাহনখনে । পথচাৰীয়ে ঘটনা প্রত্যক্ষ কৰি ধূপধৰা আৰক্ষী থানাত খবৰ দিয়াত ধূপধৰা আৰক্ষীয়ে তৎকালীনভাৱে ঘটনাস্থলীত উপস্থিত হৈ আহতগৰাকীক উদ্ধাৰ কৰি ধূপধৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ।

লগতে পঢ়ক: ট্ৰাকৰ খুন্দাত বৰবাৰীত থিতাতে নিহত এজন - Road Accident In Barbari Guwahat

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details