পৰিবহণ বিভাগৰ ব্যতিক্ৰমী কাৰ্যসূচী : বাণীকান্ত কাকতি বঁটাৰ স্কুটী লাভ কৰা শিক্ষাৰ্থীক প্ৰশিক্ষণ - Assam govt transport department - ASSAM GOVT TRANSPORT DEPARTMENT

🎬 Watch Now: Feature Video

thumbnail
বাণীকান্ত কাকতি বঁটাৰ স্কুটী লাভ কৰা শিক্ষাৰ্থীক প্ৰশিক্ষণ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 1, 2024 at 7:25 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ১ জুলাই : গুৱাহাটী মহানগৰীৰ বেতকুছিস্থিত পৰিবহণ বিষয়াৰ কাৰ্যালয়ত প্ৰশিক্ষণ কাৰ্যসূচী । অনুষ্ঠানত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বাণীকান্ত কাকতি বঁটাৰ স্কুটী লাভ কৰা শিক্ষাৰ্থীসকলক প্ৰদান কৰা হয় প্ৰশিক্ষণ । সোমবাৰৰ পৰা ৩০ জুলাইলৈকে চলিব এই প্ৰশিক্ষণ কাৰ্যসূচী । প্ৰতিদিনে প্ৰায় ১০০ গৰাকী প্ৰশিক্ষাৰ্থীক এই কাৰ্যসূচীৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব । আনহাতে, এই প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰায় ৩ হাজাৰ শিক্ষাৰ্থীক সামৰি লোৱা হব ।

পৰৱৰ্তী সময়ত প্ৰয়োজন অনুসৰি পুনৰ প্ৰশিক্ষণ প্ৰদান কৰিব পৰিবহণ বিভাগে । উল্লেখ্য যে মহানগৰীৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে এই প্ৰশিক্ষণ কাৰ্যসূচী ।

অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া (অ' এছ ডি) গৌতম দাসে কয় যে শিক্ষাৰ্থীসকলে যাতে পথ সুৰক্ষা আইন মানি চলাৰ লগতে দুৰ্ঘটনামুক্ত অসম গঢ়াৰ দিশত সচেতন হ'ব পাৰে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । পৰৱৰ্তী সময়ত সমগ্ৰ ৰাজ্যজুৰি শিক্ষাৰ্থীসকলক এনেদৰে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্তত ১৬ বছৰ ঊৰ্ধ্বৰ ছাত্ৰ-ছাত্ৰীসকলে গাড়ী চলোৱাৰ বাবে অনুজ্ঞা-পত্ৰ লাভ কৰিব । তেওঁলোকে গিয়েৰ নথকা বাহন চলোৱাৰ অনুজ্ঞা-পত্ৰ লাভ কৰিব । ইয়াৰ বাবে পৰিবহণ বিভাগৰ অনলাইন পৰ্টেলত আবেদন কৰিব লাগিব ।

অনুষ্ঠানত শিক্ষা বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া, জিলা পৰিবহণ বিষয়া হিমাংশু দাসসহ বিভাগটোৰ উচ্চপদস্থ বিষয়া আৰু বিশিষ্ট সমাজকৰ্মী, শিক্ষাৰ্থী তথা অভিভাৱকসকল উপস্থিত থাকে ।

লগতে পঢ়ক :

মাৰ্কশ্বীট কেলেংকাৰী : উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত বিশ্ববিদ্যালয়ৰ আছুকে ধৰি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ - MARKSHEET SCAM

দেশত কাৰ্যকৰী হোৱা ৩ অপৰাধমূলক আইন সন্দৰ্ভত দলগাঁৱত সজাগতা সভা - Three New Criminal Laws

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details