পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে চৰকাৰে নিৰ্মাণ কৰিব সংগ্ৰহালয় - Weaver Hemprabha Chutia

🎬 Watch Now: Feature Video

thumbnail
পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ বাসগৃহতে স্থাপন হ'ব সংগ্ৰাহলয় (undefined)

By ETV Bharat Assamese Team

Published : February 12, 2024 at 8:02 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, ১২ ফেব্ৰুৱাৰী : পদ্মশ্ৰী বঁ‌টা লাভ কৰা মৰাণৰ হেমপ্ৰভা চুতীয়াই নিজৰ সৃষ্টিৰাজিক সংৰক্ষণৰ বাবে এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে চৰকাৰক আহ্বান জনাই আহিছিল । ইয়াৰ পাচতে চৰকাৰে পদ্মশ্ৰী বঁ‌টা লাভ কৰা হেমপ্ৰভা চুতীয়াৰ আহ্বানক সহাঁৰি জনাই গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ বাসগৃহতে স্থাপন হ'ব সংগ্ৰাহলয় ৷ লগতে স্থাপন হ'ব প্ৰশিক্ষণ কেন্দ্ৰও । চলিত বৰ্ষত এহেজাৰখন তাঁতশাল বিতৰণ কৰিব চৰকাৰে । চলিত বাজেটত এই প্ৰকল্পৰ বাবে ধাৰ্য কৰিছে ১৪ কোটি টকা । কিয়নো হস্ততাঁতশালত চাৰিখনকৈ ধৰ্মগ্ৰন্থ বৈ দেশজুৰি পৰিচিত মৰাণৰ হেমপ্ৰভা চুতীয়া ৷

লগতে পঢ়ক : Padmashri Awardee Hemaprava Chutia: হেমপ্ৰভা চুতীয়াৰ সৃষ্ট কলা-শিল্প সংৰক্ষণৰ বাবে মৰাণত নিৰ্মাণ হ'ব সংগ্ৰহালয়

চাৰিখনকৈ গ্ৰন্থ ক্ৰমে নামঘোষা, গুণমালা, শ্ৰীমদ্ভাগৱত গীতা ইংৰাজী আৰু সংস্কৃতত বৈ উলিওৱাৰ বাবে তেওঁক ২০২২ বৰ্ষত অসম গৌৰৱ বঁ‌টা আৰু ২০২৩ বৰ্ষত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁ‌টা প্ৰদান কৰিছিল । এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে হেমপ্ৰভা চুতীয়াই বিভিন্ন সময়ত চৰকাৰক অনুৰোধ কৰি তেওঁ সফল হোৱাত চৰকাৰক সংবাদ মাধ্যমৰ যোগেদি কৃতজ্ঞতা জ্ঞাপন কৰে অসম চৰকাৰলৈ ।

"মই যি আশা কৰিছিলো সেই আশা বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে" ৷ এইদৰে এই খবৰ লাভ কৰি কয় পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই । লগতে তেওঁ চৰকাৰক এই সংগ্ৰাহলয়খনি ট্ৰাষ্টৰ তত্বাৱধানত আগবঢ়াই নিয়াৰ ব্যৱস্থা কৰিবৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক : ৭৭৪.৪৭ কোটি টকাৰ ঘাটি বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details