ভৰদৌলৰ দিনা বৰপেটা সত্ৰত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা - ASSAM CM in Barpeta Satra

🎬 Watch Now: Feature Video

thumbnail
ভৰদৌলৰ দিনা বৰপেটা সত্ৰত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (undefined)

By ETV Bharat Assamese Team

Published : March 25, 2024 at 1:48 PM IST

|

Updated : March 25, 2024 at 2:08 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটা, 25 মাৰ্চ: বৰপেটা সত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত দৌল মহোৎসৱৰ সোমবাৰে ভৰদৌল ৷ এই বিশেষ দিনটোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সত্ৰখনত উপস্থিত হৈ সেৱা জনায় । মুখ্যমন্ত্ৰীগৰাকী আজি সত্ৰখনত উপস্থিত হৈ আতা পুৰুষসকলৰ গৃহ, মঠ গৃহ আৰু গুৰু আসনৰ আগত সেৱা জনায় । 

তাৰপাছত দৌল গৃহত প্ৰৱেশ কৰি কলীয়া গোঁসাইৰ গাত ফাকু ছটিয়াই সেৱা জনায় । সত্ৰখনত উপস্থিত হোৱাৰ অনুভৱ ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয়, "সকলোৱে জীৱনত এবাৰ হ'লেও বৰপেটাৰ দৌল মহোৎসৱ চাবলৈ আহিব লাগে । সত্ৰখনত আজিৰ দিনটোত উপস্থিত হোৱাটো মোৰ বাবে সৌভাগ্যৰ বিষয় ।" 

আগন্তুক দিনত সত্ৰখনৰ আন্তঃগাঁথনি উন্নয়ন কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীজনে সত্ৰত সেৱা জনোৱাৰ সময়ত বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী তথা বিধায়ক ফণীভূষণ চৌধুৰী, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰ, বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাস উপস্থিত থাকে ৷

লগতে পঢ়ক: আমাৰ টাৰ্গেত 13 খন আসন, 11 খন আসন নিশ্চিত - মুখ্যমন্ত্ৰী - Lok Sabha elections

Last Updated : March 25, 2024 at 2:08 PM IST