Bihar Election Results 2025

বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ ভূমি পূজন কাৰ্যসূচীত অংশগ্ৰহণ - ভূমি পূজন

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : March 5, 2024 at 3:45 PM IST

1 Min Read
Choose ETV Bharat

বঙাইগাঁও, 5 মাৰ্চ : বঙাইগাঁও জিলাৰ দলাইগাঁৱত নতুনকৈ নিৰ্মাণ হ’বলগীয়া বঙাইগাঁও টাউন হলৰ আধাৰশিলা স্থাপন কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ৰাইজৰ বাবে নিৰ্মাণ কৰা হ’ব এই টাউন হলৰ । প্ৰায় ১০৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব এই অত্যাধুনিক টাউন হল প্ৰেক্ষাগৃহ ।

১০০০ খন চকী সংযুক্ত এই টাউন হলৰ জৰিয়তে বঙাইগাঁৱৰ ৰাইজ বহু উপকৃত হ’ব । আজিৰ এই ভূমি পূজন অনুষ্ঠানৰ কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে বঙাইগাঁও অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী, জিলা আয়ুক্ত নৱদ্বীপ পাঠক, জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে । ভূমি পূজনৰ অন্তত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃক্ষৰোপন কাৰ্যসূচীত ভাগ লয় ।

ইয়াৰ পিচত পোনে পোনে মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ বঙাইগাঁৱত অনুষ্ঠিত হোৱা বিকাশ যাত্ৰাৰ কাৰ্যসূচীত ভাগ ল’ব ।

লগতে পঢ়ক : সাত লাখতকৈ অধিক ভোটত জয়ী হ’ব সৰ্বানন্দ সোণোৱাল: বিধায়ক বিনোদ হাজৰিকা

ABOUT THE AUTHOR

...view details