বিত্তমন্ত্ৰীৰ বাজেট দাখিলৰ পাচতে মুখ্যমন্ত্ৰীৰ সংবাদমেল - ASSAM BUDGET 2025 26
🎬 Watch Now: Feature Video

Published : March 10, 2025 at 1:29 PM IST
|Updated : March 10, 2025 at 2:11 PM IST
আজি বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে ‘‘অসম বাজেট ২০২৫-২৬’’ ৷ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগেয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এইখন হ’ল শেষৰখন পূৰ্ণাংগ বাজেট । বিত্তমন্ত্ৰী নেওগে ২০২৫-২৬ বৰ্ষৰ বাজেট দাখিল কৰাৰ পাচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ লোকসেৱা ভৱনত এখনি সংবাদমেল সম্বোদন কৰে ৷ ইফালে বিত্তমন্ত্ৰী নেওগে আজি বিধানসভাৰ মজিয়াত দাখিল কৰা বাজেটত মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, চাহ শ্ৰমিকলৈ এককালীন বিত্তীয় সাহায্য, বিদ্যালয় প্রাদেশিকীকৰণ সন্দৰ্ভত বিত্তমন্ত্ৰী নেওগৰ ঘোষণা, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আঁচনি, অৰুণোদয়ৰ আৰু বিধৱা পেন্সন ইত্যাদি সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ তথ্য বাজেটত দাঙি ধৰে ৷ ইয়াৰ উপৰিও গ্রামীণ গৃহৰ ক্ষেত্ৰত PMAY-G ৰ গৃহ আবন্টন সন্দৰ্ভতো বিত্তমন্ত্ৰীগৰাকীয়ে বাজেটত উল্লেখ কৰে ৷

Last Updated : March 10, 2025 at 2:11 PM IST