ভাবিছিলোঁ চামগুৰিত অলপ প্ৰত্যাহ্বান আছে, কিন্তু এতিয়া ক্লীন হৈ গ'ল: পীযুষ হাজৰীকা - RAKIBUL HUSSAIN

🎬 Watch Now: Feature Video

thumbnail
চামগুৰিত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : October 17, 2024 at 9:08 AM IST

1 Min Read
Choose ETV Bharat

চমগুৰি, ১৭ অক্টোবৰ : ক্ৰমাৎ গৰম হৈ পৰিছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বতাহ । একপ্ৰকাৰ দ্বিতীয় দিছপুৰলৈ পৰ্যৱসিত হৈছে এতিয়া চামগুৰি । কিয়নো দিনে-নিশাই চামগুৰিলৈ আগমন ঘটিছে শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ ।

প্ৰভাৱশালী কংগ্ৰেছ নেতা তথা সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন যাতে কোনোপধ্যেই বিধানসভালৈ যাব নোৱাৰে তাৰ বাবে শাসকীয় দলৰ মন্ত্ৰী-বিধায়কে আগ্ৰাসী ৰূপত বিজেপিৰ নিশ্চিত প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ প্ৰচাৰত নামি পৰিছে ।

ইয়াৰ মাজতে ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰীকাই চামগুৰিৰ ভৰাগুৰিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰকিবুল হুছেইনক তীব্ৰ আক্ৰমণ কৰে । মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "আমি ভাবি আছিলো চামগুৰিত আমাৰ অলপ প্ৰত্যাহ্বান হ'ব । কিন্তু কালি দেখিলোঁ যে চামগুৰি ক্লীন হৈ গ'ল ।... আমিয়েই চামগুৰিত জিকিম, জিকিম, জিকিমেই ।... আক্ৰমণ কৰিছে কংগ্ৰেছে । কংগ্ৰেছৰ এয়া স্বভাৱ, কংগ্ৰেছৰ এয়া চৰিত্ৰ ।... ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে এটা এটাকৈ পোটক তুলিম । তেখেত এজন প্ৰতিশোধপৰায়ণ ব্যক্তি ।"

তেওঁ লগতে কয়, "ৰকিবুল হুছেইনে বেলেগৰ উন্নতি দেখিব নোৱাৰে । তেখেত এজন প্ৰৰশ্ৰীকাতৰ লোক । পীযুষ হাজৰিকাৰ উন্নতিও এসময়ত বিচৰা নাছিল । বেলেগক দমন কৰি ৰাখিব বিচাৰে ।"

লগতে পঢ়ক :ভয়-ভাবুকিৰে ৰাইজৰ সিদ্ধান্তক পৰিৱৰ্তন কৰিব বিচাৰিছে কোনে ? ভূপেন বৰাৰ ব্যাখ্যা
লগতে পঢ়ক :25 বছৰে চামগুৰিত জংঘলৰাজ চলাই আহিছে ৰকিবুল হুছেইনে: আমিনুল ইছলাম

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details