আন্তঃৰাষ্ট্ৰীয় শৰীৰচৰ্চা প্ৰতিযোগিতাত উজলিল হিৰকজ্যোতি - Bodybuilding Competition

🎬 Watch Now: Feature Video

thumbnail
আন্তঃৰাষ্ট্ৰীয় শৰীৰচৰ্চা প্ৰতিযোগিতাত উজলিল হিৰকজ্যোতি (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 1:48 PM IST

1 Min Read
Choose ETV Bharat

তিতাবৰ,২৮ ফেব্ৰুৱাৰী: নতুন দিল্লীত অনুষ্ঠিত হোৱা Asian Bodybuilding and Fitness Championship ত উজলিল তিতাবৰৰ সন্তান হিৰকজ্যোতি শইকীয়া । জুনিয়ৰ শাখাৰ Men physics আৰু Men classic দুয়োটা শাখাতে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । উক্ত টুৰ্নামেন্টৰ দুটা ইভেন্টত হিৰকজ্যোতিয়ে সফলতা লাভ কৰাৰ লগে লগে উফুল্লিত হৈ পৰিছে তিতাবৰবাসীৰ লগতে অসমবাসী । UIBF ফেডাৰেচনে অনুষ্ঠিত কৰা এই Bodybuilding and Fitness Championship ত ভাৰতৰ লগতে চুবুৰীয়া কেইবাখনো দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।  

বিদেশী আৰু নিজ দেশৰ খেলুৱৈৰ সৈতে তীব্ৰ প্ৰতিযোগিতাৰ অন্তত হিৰকজ্যোতিয়ে নিজৰ যোগ্যতা প্ৰদৰ্শন কৰি উক্ত সফলতা লাভ কৰাত উৎফুল্লিত তেওঁৰ প্ৰশিক্ষক মানসজ্যোতি শইকীয়াৰ লগতে তেওঁ সতীৰ্থসকল । আনহাতে সফলতা লাভ কৰি হিৰকজ্যোতি তিতাবৰ শৰীৰ চৰ্চা কেন্দ্ৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনায় তিতাবৰ বীৰ লাচিত সেনাই । উল্লেখ্য যে বৰ্তমান যোৰহাট জিলা অন্তৰ্গত তিতাবৰ মহকুমাৰ পৰা বৰ্তমান বহু খেলুৱৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে, এইয়া ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে আশাৰ ৰেঙনি । 

লগতে পঢ়ক: জিন্টু গগৈ সোঁৱৰণী আন্তঃজিলা ছাব জুনিয়ৰ ছোৱালী খো-খো প্ৰতিযোগিতাৰ সামৰণি

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details