বিজপিয়ে সমষ্টিয়ে সমষ্টিয়ে প্ৰেৰণ কৰিলে ২৮ খনকৈ বাহন - Lok Sabha Election Assam

🎬 Watch Now: Feature Video

thumbnail
লোকসভা নিৰ্বাচন 2024 (undefined)

By ETV Bharat Assamese Team

Published : March 6, 2024 at 7:21 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, ৬ মাৰ্চ: ‘‘আকৌ এবাৰ মোদী চৰকাৰ, এইবাৰ ৪০০ পাৰ’’ শ্লোগানৰে নিৰ্বাচনী ৰণক্ষেত্ৰত বিজেপি । বুধবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ৰ পৰা বিজেপিয়ে প্ৰতিটো সমষ্টিলৈ প্ৰেৰণ কৰিলে নিৰ্বাচনী প্ৰচাৰ বাহন ।

বিকশিত ভাৰতৰ সংকল্প যাত্ৰা, মোদীৰ গেৰাণ্টিৰ এই ২৮ খন বাহন যাব ৰাজ্যৰ ১৪ টা সমষ্টিলৈ । ২৮ খন বাহনৰ ৪ খন বাহন বৰাক উপত্যাকালৈ পঠিওৱা হ’ব । বাহনসমূহত আছে LCD TV,  চি চি কেমেৰাৰ ব্যৱস্থা, বিকশিত ভাৰতৰ উন্নয়নৰ ইতিবৃত্ত, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ ভাষণ অহৰহ চলি থকাৰ ব্যৱস্থা থাকিব বাহনসমূহত ।

১৫ মাৰ্চলৈকে সংকল্প পত্ৰৰ বাবে বাহনৰ জৰিয়তে বিজেপিয়ে সংগ্ৰহ কৰিব মতামত । প্ৰচাৰ বাহনসমূহ মুকলি কৰি পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে এই বাহনসমূহৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ পৰা সংকল্পপত্ৰ সন্দৰ্ভত মতামত লোৱা হ’ব ।

উক্ত মতামতসমূহ দিল্লীলৈ পঠিওৱা হ’ব । পৰামৰ্শৰ বাবে ৰাইজক বিশেষ কাৰ্ড দিয়া হ'ব ।  সেই কাৰ্ডত পৰামৰ্শ লিখি এটা বাকচত দিব লাগিব ৰাইজে । ইয়াৰোপৰি নমো এপৰ জৰিয়তেও জনতাই পৰামৰ্শ দিব পাৰিব । ৯০৯০৯০২০২৪ নম্বৰতো অনলাইনযোগে ভইচ মেছেজৰ জৰিয়তে দিব পাৰিব পৰামৰ্শ ।

আনহাতে বিজেপিৰ কাৰ্যকৰ্তাসকল জনতাৰ ঘৰে ঘৰে যাব বুলিও জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক: কংগ্ৰেছৰ চৰকাৰ আহিলে কা বাতিল কৰা হ'ব : কংগ্ৰেছ নেতা পৱন খেৰা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details