অসমী আইৰ প্ৰিয় সন্তান জুবিন গাৰ্গৰ অন্তিম যাত্ৰা LIVE... - LAST RITES OF ZUBEEN GARG
🎬 Watch Now: Feature Video

Published : September 23, 2025 at 8:54 AM IST
|Updated : September 23, 2025 at 2:48 PM IST
আজি পঞ্চভূতত বিলীন হ’ব জনতাৰ শিল্পী, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ৷ সোণাপুৰত কমাৰকুছিৰ হাতীমূৰাত চিৰদিনৰ বাবে শুই পৰিব অসমী আইৰ প্ৰিয় সন্তান ৷ ভগ্নী পামী বৰঠাকুৰে কৰিব জুবিনৰ মুখাগ্নি ৷ পামীক সংগ দিব অৰুণ গাৰ্গ আৰু ৰাহুল গৌতম শৰ্মাই ৷ ইফালে প্ৰিয় শিল্পীক বিদায় জনাবলৈ নিশাৰে পৰা সোণাপুৰৰ হাতীমূৰা কমাৰকুছিত ভিৰ কৰিছেহি অগণন গুণমুগ্ধই । প্ৰিয় শিল্পীগৰাকীৰ শোকত বিহ্বল অনুৰাগীয়ে "মায়াবিনী ৰাতিৰ বুকুত, দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি, হিয়াৰ কোণত…" গাই তেওঁক স্মৰণ কৰিছে ৷ আজি সকলোৱে চকুলো টুকি বিদায় জনাইছে তেওঁলোকৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পীগৰাকীক ৷ এই বিদায় শেষ বিদায় নহয়, জুবিন সদায় জীয়াই থাকিব অসমীয়াৰ হৃদয়ত ৷ সেই কথাকে প্ৰমাণ কৰি আজি হিলদোল ভাঙি ৰাজপথলৈ ওলাই আহিছে অসমীয়া ৷ তেওঁলোকৰ মৰমৰ জুবিনক এবাৰ অন্তিম দৰ্শনৰ বাবে ৷