অসম বিধানসভাৰ বাজেট অধিবেশন LIVE - ASSAM ASSEMBLY BUDGET SESSION
🎬 Watch Now: Feature Video
অসম বিধানসভা (ETV Bharat Assam)

Published : February 19, 2025 at 9:47 AM IST
|Updated : February 19, 2025 at 2:14 PM IST
অসম বিধানসভা বাজেট অধিবেশন ২০২৫ ৰ আজি অৰ্থাৎ বুধবাৰে দ্বিতীয় দিন ৷ বাজেট অধিবেশনৰ কাৰ্যক্ৰমণিকা অনুসৰি আজি পুৱা ৯-৩০ বজাত প্ৰশ্নোত্তৰকালৰ পাছত অধ্যক্ষই অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ প্রতিবেদন ঘোষণা কৰিব । আজি অধিবেশনত বিহালী সমষ্টিৰ বিধায়িকা শিৱামণি বৰাই "টিপঙত কয়লাৰ খননক লৈ দুই মাফিয়া গোটৰ তুমুল সংঘর্ষ" সম্পর্কত খনি আৰু খনিজাত দ্রব্য বিভাগৰ মন্ত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিব ।ইয়াৰ পাচত বিশেষ প্ৰসংগত ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্রস্তাব গ্ৰহণ কৰা হ’ব ৷ উল্লেখ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হয় অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী ৷ ইয়াৰ পাচত এদিনীয়া বিৰতিৰ অন্তত আজিৰে পৰা পুনৰ অসম বিধানসভাত বাকী অধিৱেশন অনুষ্ঠিত হ’ব ।

Last Updated : February 19, 2025 at 2:14 PM IST