কোকৰাঝাৰৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন LIVE... - ASSAM BUDGET 2025

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : February 17, 2025 at 12:08 PM IST

Updated : February 17, 2025 at 12:36 PM IST

1 Min Read
প্ৰথমবাৰলৈ দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ'ল অসম বিধানসভাৰ অধিৱেশন 2024-2025 ৷ কোকৰাঝাৰৰ বি টি চি পৰিষদীয় সচিবালয়ত সোমবাৰৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হৈছে ৷ সংসদীয় পৰম্পৰা অনুসৰি ৰাজ্যপালৰ ভাষণেৰে সোমবাৰে আৰম্ভ হয় বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা ৷ ৰাজ্যপালৰ ভাষণৰ উপৰিও অসম লোকসেৱা আয়োগৰ 2013 আৰু 2014 বৰ্ষৰ সংযুক্ত পৰীক্ষাত হোৱা কেলেংকাৰীৰ যি প্ৰতিবেদন ইতিমধ্যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দাখিল কৰিছিল, সেই প্ৰতিবেদনো আজি সদনত দাখিল কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ একেদৰে বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত আজি 2024-2025 বৰ্ষৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনসমূহো উত্থাপন কৰিব ৷ উল্লেখ্য যে, পূৰ্বৰ পুৱা ৯.৩০ বজাৰ পৰিৱৰ্তে এইবাৰ বিধানসভাৰ প্ৰথম দিনটোৰ কাৰ্যসূচী দিনৰ ১২ বজাৰ পৰা আৰম্ভ হয় ৷
Last Updated : February 17, 2025 at 12:36 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.