অসম বিধানসভাৰ বাজেট অধিৱেশন ২০২৫ LIVE - ASSAM ASSEMBLY BUDGET SESSION 2025

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : March 24, 2025 at 9:52 AM IST

Updated : March 24, 2025 at 4:17 PM IST

1 Min Read
অসম বিধানসভাৰ বাজেট অধিৱেশন ২০২৫ ৰ কাৰ্যক্ৰমণিকা আজি অৰ্থাৎ সোমবাৰে পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হয় ৷ বিধায়ক ৰূপজ্যোতি কুৰ্মীক কাণ্ডক লৈ আজি পুনৰ সদন উত্তাল হোৱাৰ সম্ভাৱনা আছে ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দেওবাৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈ পত্র প্ৰেৰণ কৰি বিধায়ক কুৰ্মীৰ ওপৰত বিশেষাধিকাৰ ভংগৰ প্ৰসংগ উত্থাপন কৰে ৷ তেওঁ সদন পৰিচালনাৰ নিয়মাৱলীৰ ১৫৮ নং বিধি অনুসৰি বিধায়কগৰাকীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ বাবে অধ্যক্ষক দাবী জনায় ৷ লগতে বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদন দাখিল নোহোৱালৈকে বিধায়ক কুৰ্মীক সদনৰ সকলো কাৰ্যসূচীৰ পৰা বিৰত ৰাখিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে, চলিত বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বাদশ দিনা অৰ্থাৎ শুকুৰবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰুদ্ৰমূর্তি ধৰি বিৰোধী দুই বিধায়কক আঙুলি টোৱাই খেদি গৈছিল । যিটো ঘটনাই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল ।
Last Updated : March 24, 2025 at 4:17 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.