অসম বিধানসভাৰ বাজেট অধিৱেশন ২০২৫ LIVE - BJP MLA RUPJYOTI KURMI

🎬 Watch Now: Feature Video

thumbnail
অসম বিধানসভা (Etv Bharat)

By ETV Bharat Assamese Team

Published : March 24, 2025 at 9:52 AM IST

|

Updated : March 24, 2025 at 4:17 PM IST

1 Min Read
Choose ETV Bharat
অসম বিধানসভাৰ বাজেট অধিৱেশন ২০২৫ ৰ কাৰ্যক্ৰমণিকা আজি অৰ্থাৎ সোমবাৰে পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হয় ৷ বিধায়ক ৰূপজ্যোতি কুৰ্মীক কাণ্ডক লৈ আজি পুনৰ সদন উত্তাল হোৱাৰ সম্ভাৱনা আছে ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দেওবাৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈ পত্র প্ৰেৰণ কৰি বিধায়ক কুৰ্মীৰ ওপৰত বিশেষাধিকাৰ ভংগৰ প্ৰসংগ উত্থাপন কৰে ৷ তেওঁ সদন পৰিচালনাৰ নিয়মাৱলীৰ ১৫৮ নং বিধি অনুসৰি বিধায়কগৰাকীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ বাবে অধ্যক্ষক দাবী জনায় ৷ লগতে বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদন দাখিল নোহোৱালৈকে বিধায়ক কুৰ্মীক সদনৰ সকলো কাৰ্যসূচীৰ পৰা বিৰত ৰাখিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে, চলিত বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বাদশ দিনা অৰ্থাৎ শুকুৰবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰুদ্ৰমূর্তি ধৰি বিৰোধী দুই বিধায়কক আঙুলি টোৱাই খেদি গৈছিল । যিটো ঘটনাই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল ।

Last Updated : March 24, 2025 at 4:17 PM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details