অসম বিধানসভাৰ বাজেট অধিৱেশন ২০২৫ LIVE - ASSAM ASSEMBLY BUDGET SESSION 2025
🎬 Watch Now: Feature Video
Etv Bharat (Etv Bharat)

Published : March 11, 2025 at 11:42 AM IST
|Updated : March 11, 2025 at 2:37 PM IST
অসম বিধানসভাৰ বাজেট অধিৱেশন কাৰ্যক্ৰমণিকা আজি পুৱা ৯-৩০ বজাৰ পৰা আৰম্ভ হয় ৷ প্ৰশ্নোত্তৰ কালৰে আৰম্ভ হোৱা বিধানসভাত মঙলবাৰৰ দিনটোত উত্থাপিত আৰু আলোচিত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় ৷ অসম বিধানসভাত আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই দি আসাম ইনফর্মেশ্যন কমিশ্যনৰ ২০২৩-২৪ বৰ্ষৰ বার্ষিক প্রতিবেদন দাখিল কৰে । ইফালে বিত্তমন্ত্ৰী অজন্তা নেওগ দি আছাম ভেল্যু এডেড টেক্স এই ২০০৩ আৰু দি আছাম গুডছ এণ্ড ছার্ভিচেছ টেক্স এই ২০১৭ অধীনৰ ৬-৮-২০২৪ৰ পৰা ৩১-০১-২০২৫ তাৰিখলৈকে ৪৮ খন ৰাজপত্ৰিত অধিসূচনা দাখিল কৰে । তেওঁ লগতে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে অসম বিত্তীয় নিগমৰ হিচাপৰ পৃথক হিচাপ পৰীক্ষণৰ প্ৰতিবেদন আৰু প্রমাণপত্র দাখিল কৰে । ২০২০-২১ আৰু ২০২১-২২ বৰ্ষৰ বাবে দি আসাম ষ্টেট কমিছন ফৰ প্রটেকছন আৰু চাইল্ড ৰাইটচ্ (এ এছ চি পি চি আৰ)ৰ হিচাপৰ ওপৰত পৃথক হিচাপ পৰীক্ষণৰ প্ৰতিবেদন দাখিল কৰে ।

Last Updated : March 11, 2025 at 2:37 PM IST