ওদালগুৰিত অসম আশা সন্মিলন: চাকৰি নিয়মীয়াকৰণৰ দাবী আশাকৰ্মীৰ - Khairabari Block Health Centre
🎬 Watch Now: Feature Video

Published : March 2, 2024 at 9:32 PM IST
ওদালগুৰি, ২ মাৰ্চ: ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ অধীনত কাৰ্যনিৰ্বাহ কৰি থকা আশাকৰ্মীসকলৰ উদ্য়োগত আজি অনুষ্ঠিত হয় 'অসম আশা সন্মিলন-২০২৪' । ওদালগুৰি জিলাৰ খৈৰাবাৰী খণ্ড স্বাস্থ্য কেন্দ্ৰৰ অধীনত কৰ্মৰত আশাকৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলক সাঙুৰি আজি খৈৰাবাৰীত এই সন্মিলনখন অনুষ্ঠিত হয় ৷
ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ অধীনত কাৰ্যনিৰ্বাহ কৰি থকা আশাকৰ্মীসকলে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ, মাহিলী ভাট্টা ১৫ হাজাৰ টকালৈ বৃদ্ধি কৰা, সকলো আশাকৰ্মীক অৰুণোদয় আঁচনিৰ অধীনত সাঙুৰি লোৱাকে আদি কৰি বিভিন্ন দাবীৰ ক্ষেত্ৰত অসম চৰকাৰক সহানুভূতিৰ দৃষ্টিৰে বিবেচনাৰ বাবে আশাকৰ্মীসকলে আহ্বান জনাইছে ৷ এই অনুষ্ঠানটোত বিভাগীয় বিষয়াসকলৰ উপৰি খৈৰাবাৰী স্বাস্থ্য কেন্দ্ৰৰ অধ্যক্ষ ডাঃ অনিল ডেকাই অংশগ্ৰহণ কৰি খণ্ডটোৰ শ্ৰেষ্ঠ তিনিগৰাকী আশাকৰ্মীক সম্বৰ্দ্ধনা জনায় ৷
লগতে পঢ়ক:ধেমাজিত অসম মালা আঁচনিৰ অধীনত পথ নিৰ্মাণৰ ভূমি পূজন মন্ত্ৰী ৰণোজ পেগুৰ