কেজৰিৱালৰ পত্ৰ লৈ অসমবাসীৰ ঘৰে-ঘৰে আম আদমি পাৰ্টী - Gauhati Lok Sabha constituency
🎬 Watch Now: Feature Video

Published : February 25, 2024 at 10:50 PM IST
গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী: অসমৰ ভোটাৰক আকৰ্ষিত কৰিবলৈ অৰবিন্দ কেজৰিৱালে লিখিছে পত্ৰ । কেজৰিৱালৰ পত্ৰৰ কথা ঘৰে ঘৰে প্ৰচাৰ কৰিবলৈ আম আদমি পাৰ্টীৰ গুৱাহাটী লোকসভা সমষ্টিত প্ৰাৰ্থী ডাঃ ভৱেন চৌধুৰীয়ে আৰম্ভ কৰিলে ‘অসমতো কেজৰিৱাল’ শীৰ্ষক অভিযান ।
বশিষ্ঠ চাৰিআলিস্থিত শিশু উদ্যানত অনুষ্ঠিত কৰা 'অসমতো কেজৰিৱাল' অভিযানৰ আৰম্ভণি কৰি গুৱাহাটী লোক সভা সমষ্টিৰ প্ৰাৰ্থী তথা দলৰ ৰাজ্যক সভাপতিগৰাকীয়ে কয় যে কেজৰিৱালে অসমবাসীলৈ লিখা পত্ৰ লৈ তেওঁলোক অসমবাসীৰ মাজলৈ যাব ।
অসমবাসীলৈ লিখা পত্ৰখনত আছে বিনামূলীয়া আৰু বিশ্বমানৰ শিক্ষা লাভ, বিনামূলীয়া চিকিৎসা সেৱা লাভ, ২৪ ঘণ্টাই বিদ্যুৎ আৰু বিশুদ্ধ খোৱাপানী লাভ, কৃষকে শস্যৰ উচিত মূল্য লাভ, যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন লাভ আদিৰ বিভিন্ন প্ৰতিশ্ৰুতিৰ কথা । যিবিলাক প্ৰতিশ্ৰুতি ইতিমধ্যেই দিল্লী আৰু পাঞ্জাৱত পালন কৰা হৈছে বুলি মন্তব্য কৰে ডাঃ ভৱেন চৌধুৰীয়ে ।
লগতে পঢ়ক: পাঁচটা সমষ্টিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰি প্ৰকাশৰ বাবে সাজু বিজেপি