এ পি এইছ এল চিৰ নেতা জন ইংতি কাথাৰে ডিফুত দাখিল কৰিলে মনোনয়ন - Lok Sabha election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
এপিএইছএল চিৰ নেতা জন ইংতি কাথাৰ (undefined)

By ETV Bharat Assamese Team

Published : March 30, 2024 at 8:51 PM IST

2 Min Read
Choose ETV Bharat

ডিফু, ৩০ মাৰ্চ: ডিফুত আজি প্ৰথমখন মনোনয়নপত্ৰ দাখিল কৰে এ পি এইছ এল চিৰ নেতা জন ইংতি কাথাৰে ৷ দেশৰ বিভিন্ন সমষ্টিত হা ২৬ এপ্ৰিলত হ’ব লগা লোকসভা নিৰ্বাচনৰ দিনা ৬ নং ডিফু লোকসভা সমষ্টিটো হ’ব ভোটগ্ৰহণ ৷ আজি প্ৰাক্তন আই এ এছ বিষয়া তথা এ পি এইছ এল চিৰ নেতা জন ইংতি কাথাৰে দলীয় সমৰ্থক সকলক লগত লৈ জিলা আয়ুক্ত তথা ৰিৰ্টানিং বিষয়া মধুমিতা ভাগৱতীৰ হাতত মনোনয়নপত্ৰ দাখিল কৰে ৷  

মনোনয়নপত্ৰ দাখিল কৰি এ পি এইছ এল চিৰ নেতা জন ইংতি কাথাৰে কয় যে এইবাৰ তেওঁ ৫ লাখ ভোট লাভ কৰি জয়ী হ’ব ৷ কাৰ্বি, ডিমাছা, তিৱা , কুকি, গাৰো, মানটাই, অসমীয়া, আদিবাসী, বড়োকে ধৰি সকলো খিলঞ্জীয়া লোকে তেওঁক ভোট দিব বুলি এপিএইছএল চিৰ নেতাজনে দাবী কৰে ৷ তেওঁ কয় যে জনতাৰ কাষলৈ তেওঁলোকৰ দলে 'কা' আইনৰ বিৰোধিতা , ইউচিচিৰ বিৰোধিতা কৰা ,সংবিধানৰ ষষ্ঠ অনুসূচীৰ ক্ষমতা ৰক্ষা কৰাৰ লগতে পাহাৰত বসবাস কৰা সকলো খিলঞ্জীয়া লোকৰ অধিকাৰ সুৰক্ষা কৰাৰ ইচ্ছ্য়ু লৈ আগবাঢ়িছে ৷ জনতাই দলটোক অকুন্ঠ সমৰ্থন দিছে বুলিও তেওঁ দাবী কৰে  ৷  

আনহাতে, ডিফু লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী অমৰছিং তিচ’ই অহা ২ এপ্ৰিলত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৪০ হাজাৰ সমৰ্থক লগত লৈ মনোনয়নপত্ৰ দাখিল কৰিব  ৷ ইপিনে, ৩  এপ্ৰিলত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেং , এ এছ ডি দলৰ প্ৰাৰ্থী জৎছন বেয়ে মনোনয়নপত্ৰ দাখিল কৰিব  ৷ গণ সুৰক্ষা পাৰ্টিৰ হৈ বাৰ্ণাড চাংমাই মনোনয়নপত্ৰ দাখিল কৰাৰ কথা আছে যদিও বৰ্তমানলৈকে তেওঁ মনোনয়নপত্ৰ সংগ্ৰহ কৰা নাই ৷

লগতে পঢ়ক:পুনৰ তিনি কংগ্ৰেছ নেতাই যোগদান কৰিলে বিজেপিত - Assam Congress Leader Joins BJP

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details