জোনাইত পানী যোগান আঁচনি নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ - Jal Jeevan Mission in Assam
🎬 Watch Now: Feature Video

Published : March 2, 2024 at 7:55 PM IST
জোনাই,২ মাৰ্চ: জোনাইত পানী যোগান আঁচনি নিৰ্মাণৰ নামত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি আৰু অনিয়ম । প্ৰায় কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জোনাইৰ মহমৰা পানী যোগান আঁচনি নিৰ্মাণৰ নামত সংঘটিত হৈছে এই বিয়াগোম দুৰ্নীতি । আঁচনিখনৰ ঠিকাদাৰ তথা বিভাগীয় কৰ্তৃপক্ষই নিজৰ পকেট গৰম কৰাৰ মানসিকতাৰে আঁচনিৰ প্ৰাককলন নীতি বহিৰ্ভূতভাৱে নিৰ্মাণ কৰাৰ পৰিপ্ৰেক্ষিতত নিৰ্মাণকাৰ্য সম্পূৰ্ণ নোহোৱাৰ আগতেই টেংকীৰ বীম, দেৱাল ভাঙি যোৱা পৰিলক্ষিত হৈছে ।
ফলত ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ আগতেই টেংকীৰ বীম, দেৱাল ভাঙি যিকোনো মূহূৰ্তত ভাগি যোৱাৰ সন্দেহ কৰিছে ৰাইজে । ইফালে নিৰ্মাণকাৰ্য সংঘটিত কৰা বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ লগতে ঠিকাদাৰজনৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আঁচনিখন উচ্চ পদস্থ বিষয়াই চৰজমিন তদন্ত কৰি পুনৰ নিৰ্মাণৰ দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি চেইফ পাৱে ।
লগতে পঢ়ক: সম্পন্ন হোৱাৰ দিশে হাৰেংগাজাওৰ পৰা বালাচৰা সংযোগী পথ