পথ নিৰ্মাণৰ দাবীত মাণিকপুৰত ক্ষোভিত লোকৰ প্ৰতিবাদ - Protest for Road construction - BONGAIGAON
🎬 Watch Now: Feature Video

Published : July 30, 2024 at 2:26 PM IST
মাণিকপুৰ, 30 জুলাই : বঙাইগাঁও জিলা লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত কীৰ্ত্তনপাৰা-বালাৰচৰ পকী পথ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনি 2022-23 ৰ অধীনত প্ৰায় 1 কোটি টকা আৱন্টনেৰে নিৰ্মাণ কৰা পথটোৰ নিৰ্মাণ কাৰ্য এমাহৰ ভিতৰতেই সম্পূৰ্ণ হয় যদিও পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতেই চপৰা চপৰে উঠি যায় আলকাতৰা ।
স্থানীয় লোকসকলে বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰক পুনৰ ভালকৈ পথটোৰ নিৰ্মাণকাৰ্য কৰিবলৈ দাবী জনোৱাৰ পিছতো ঠিকাদাৰে ঠায়ে ঠায়ে নিম্নমানদণ্ডৰ আলকাতৰা দি দায়িত্ব সামৰিবলৈ চেষ্টা কৰা প্ৰত্যক্ষ কৰি জাঙুৰ খাই উঠে স্থানীয় লোকসকল । স্থানীয় লোকসকলে ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । পথটো নিৰ্মাণৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ।