ভূপেন বৰাক সকীয়নি নদুৱাৰ বিজেপিৰ - PANCHAYAT ELECTION 2025

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : April 19, 2025 at 7:07 PM IST

1 Min Read

চতিয়া: পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দিবলৈ অহা কংগ্ৰেছ প্ৰাৰ্থীসকলক নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ভয়-ভাবুকি প্ৰদান কৰা বুলি কংগ্ৰেছে উত্থাপন কৰা অভিযোগ খণ্ডন কৰিছে বিজেপিয়ে । পদ্ম হাজৰিকাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই উত্থাপন কৰা অভিযোগ শনিবাৰে খণ্ডন কৰি শোণিতপুৰ জিলা বিজেপিৰ উপ-সভাপতি নিতুমণি বৰাই কংগ্ৰেছক ভৱিষ্য়তে এনে কাৰ্য নকৰিবলৈ সকীয়াই দিয়ে ।

আজি নদুৱাৰ সমষ্টিৰ বিজেপিয়ে এক সংবাদমেলত এই অভিযোগ খণ্ডন কৰি ভূপেন বৰাক সকিয়নী প্ৰদান কৰে ৷ বিজেপিৰ দক্ষিণ নদুৱাৰ, উত্তৰ নদুৱাৰ, চাৰিদুৱাৰ আৰু নাগশংকৰ মণ্ডলৰ সভাপতি-সম্পাদকৰ লগতে শোণিতপুৰ জিলাৰ উপ-সভাপতি নিতুমণি বৰাই কয়, "ভূপেন বৰা মিথ্যাচাৰী নেতা । নদুৱাৰ সমষ্টিত কংগ্ৰেছৰ দূৰৱস্থা দেখি হতাশাত ভুগি প্ৰলাপ বকিছে ভূপেন বৰাই ৷ নদুৱাৰ সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক ভেটিয়েই নাই ৷ এমুঠি কংগ্ৰেছীয়ে দলটো চলাই আছে ৷ পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী দিবলৈও তেওঁলোকৰ মানুহ নোহোৱা হ'ল ৷ এতিয়া মুখলজ্জা ঢাকিবলৈ বিভিন্ন নাটক কৰাত ব্যস্ত হৈ পৰিছে কংগ্ৰেছী নেতাসকল ৷" বিজেপিৰ নেতাসকলে সাধাৰণ ৰাইজক ভুল ব্য়াখ্যাৰে বিভ্ৰান্ত নকৰিবলৈ কংগ্ৰেছ নেতা-কৰ্মীসকলক সকীয়াই দিয়ে । 

লগতে পঢ়ক:হীৰেন গোহাঁইৰে আলোচনা কৰি আগবাঢ়িব কংগ্ৰেছ : কি প্ৰসংগত ক'লে ভূপেন বৰাই - BHUPEN BORAH ON PANCHAYAT ELECTION

কংগ্ৰেছ-ৰাইজৰ দলৰ "বুজাবুজিৰ গাঁঠি" নোখোলাই হ'ল ! উপায় নাপাই চিঠি পঠালে অখিল গগৈয়ে - AKHIL GOGOI WRITES TO BHUPEN BORAH

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.