চেপনত অজাপৰ যোগদান কাৰ্যসূচীত বিজেপি সমৰ্থকৰ আক্ৰমণ - Tense situation in AJP meeting

🎬 Watch Now: Feature Video

thumbnail
অসম জাতীয় পৰিষদ দলত যোগদান (undefined)

By ETV Bharat Assamese Team

Published : March 17, 2024 at 10:51 PM IST

1 Min Read
Choose ETV Bharat

মৰাণ, ১৭ মাৰ্চ: মৰাণৰ চেপনত আজি শতাধিক লোকে যোগদান কৰিলে অসম জাতীয় পৰিষদত । মৰাণৰ সমীপৰ চেপন পূজা ফিল্ডত আজি অনুষ্ঠিত এক যোগদান সভাত লোকসকলে অসম জাতীয় পৰিষদ দলত যোগদান কৰে ।  আজি যোগদান কৰা লোকসকলৰ অধিক সংখ্যকেই চাহ জনগোষ্ঠীয় । দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত লোকসকলে অসম জাতীয় পৰিষদত যোগদান কৰে ।  

এই যোগদান কাৰ্যসূচীৰ পাছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচীত বিজেপিৰ সমৰ্থকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । আজি অনুষ্ঠিত হোৱা এই যোগদান সভাত বিজেপিৰ সমৰ্থকে শাৰীৰিকভাৱে আক্ৰমণ কৰে অসম জাতীয় পৰিষদৰ সদস্য়ক । চেপন গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি গৰাকীৰ নেতৃত্বত এই অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয় বুলি অভিযোগ উঠিছে  । যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সভা স্থলীৰ পৰা আঁতৰি যোৱা পাছতেই বিজেপিৰ এটা দলে ভয় ভাবুকি দিয়ে সভাত উপস্থিত ৰাইজক । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সংঘটিত এই ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । 

লগতে পঢ়ক:ছ্যুকাফাৰ প্ৰতিমূৰ্তিত সেৱা জনাই প্ৰচাৰ আৰম্ভ কৰিলে লুৰীণজ্যোতি গগৈয়ে

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details