গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আটাছুৰ - ৰাজীৱ শদিয়া

🎬 Watch Now: Feature Video

thumbnail
গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আটাছুৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : January 16, 2025 at 7:22 AM IST

1 Min Read
Choose ETV Bharat

গোলাঘাট : দুদিন পূৰ্বে মঞ্চত গীত পৰিৱেশন কৰি থকা সময়তে হঠাৎ অসুস্থ হৈ পৰে গণশিল্পী ৰাজীৱ শদিয়া । হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও গণশিল্পীগৰাকীৰ মৃত্যু হয় । গণশিল্পীগৰাকীৰ অকাল বিয়োগত মৰ্মাহত ৰাজ্যবাসী । ঠায়ে ঠায়ে শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে । শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বুধবাৰে গোলাঘাট নগৰৰ ছ্যুকাফাৰ প্ৰতিমূৰ্তিৰ তলত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতি আৰু মহকুমা সমিতিৰ উদ্যোগত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক গৌতম লাহন, গোলাঘাট জিলা সমিতিৰ সভাপতি, সম্পাদক, মহকুমা সমিতিৰ সভাপতি, সম্পদকৰ লগতে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লৱ গোস্বামীয়ে অংশগ্ৰহণ কৰে ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সংগঠনটোৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক গৌতম লাহনে অংশগ্ৰহণ কৰি কয়, "আমি অতিকৈ মৰ্মাহত হৈছো । আমাৰ শ্ৰদ্ধাৰ গণশিল্পী ৰাজীৱ তথা ৰাইজৰ শিল্পীগৰাকীক তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ লগতে গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো । তেওঁৰ আত্মাৰ চিৰশান্তি কামনাৰ বাবে বন্তি প্ৰজ্বলন কৰিছো । তেওঁ য'তেই থাকক আত্মাই চিৰশান্তি লাভ কৰক সেয়াই কামনা কৰিছো ।"

লগতে পঢ়ক :ৰাজীৱ শদিয়াৰ পৰিয়ালৰ কাষত অখিল গগৈ-মানস ৰবীন-লুৰীণজ্যোতি গগৈ - SINGER RAJIB SADIYA DEATH

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details