এম্বুলেন্স সেৱাৰ নামত অনিয়মৰ অভিযোগ : সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ - protest in Guwahati - PROTEST IN GUWAHATI

🎬 Watch Now: Feature Video

thumbnail
সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : July 1, 2024 at 5:08 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 1 জুলাই : সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ ৷ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ 108 এম্বুলেন্স সেৱা নিয়ন্ত্ৰণকাৰী প্ৰতিষ্ঠান EMRI GREEN HEALTH SERVICE নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে সোমবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে ৷ প্ৰতিষ্ঠানটোৰ মহানগৰীৰ লখৰাস্থিত মুখ্য কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে ৷  

প্ৰতিষ্ঠানটোৱে দীৰ্ঘদিন ধৰি 108 এম্বুলেন্স সেৱাৰ নামত চলোৱা অনিয়মৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে ৷ কৰ্মচাৰীসকলৰ দাবী অনুসৰি তেওঁলোকে পাবলগীয়া সুবিধাসমূহ নোপোৱাৰ উপৰিও জনসাধাৰণ এই সেৱাৰ উপযুক্ত সা-সুবিধাৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ কৰে তেওঁলোকে ৷ লগতে প্ৰতি মাহৰ প্ৰথম সপ্তাহত দৰমহা আদায় দিয়াৰো দাবী কৰে কৰ্মচাৰীসকলে ৷  

প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে চৰকাৰে দিয়া ধন অপব্যয় কৰাৰ অভিযোগ কৰিছে কৰ্মচাৰীসকলে ৷ অভিযোগ অনুসৰি বৰ্তমানসময়ত 108 মৃত্যুঞ্জয় সেৱাৰ এম্বুলেন্সসমূহত নাই পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা আৰু সজুঁলি ৷ সেয়েহে প্ৰতিষ্ঠানটোক নাকী লগাবলৈ চৰকাৰক দাবী জনাইছে সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই ৷ লগতে প্ৰতিবাদকাৰীসকলৰ কয় যে 108 মৃত্যুঞ্জয় সেৱাৰ দৰে চৰকাৰৰ মহৎ উদ্দেশ্যৰ বিপৰীতে গৈ প্ৰতিষ্ঠানটোৱে এতিয়া সেৱাৰ ক্ষেত্ৰত মইমতালি কৰিছে ৷ নিশাৰ ভাগত পৰ্যাপ্ত পৰিমাণে উপলব্ধ নাথাকে এম্বুলেন্স ৷ এই সকলো বিষয়ত নজৰ দিবলৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগক দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : মাৰ্কশ্বীট কেলেংকাৰী : উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত বিশ্ববিদ্যালয়ৰ আছুকে ধৰি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ - MARKSHEET SCAM

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details