অখিল গগৈ অহাবাৰ শিৱসাগৰ সমষ্টিত হাৰিব: ভৱেশ কলিতা - Akhil Gogoi Rangia Visit
🎬 Watch Now: Feature Video

Published : August 12, 2024 at 10:30 PM IST
ৰঙিয়া, ১২ আগষ্ট: শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৰঙিয়াত উপস্থিত হৈ বিৰোধী ঐক্যমঞ্চক ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ তেওঁ কয় , "আৰু খেলক, যোৱাবাৰো খেলিছিল । সকলোৱে লগ হৈ খেলাৰ পিছতো আমি ৯৪ খন আসন পাইছো । অখিল গগৈয়ে জনা উচিত । তেওঁ হাৰিব, অহাবাৰ শিৱসাগৰ সমষ্টিৰ পৰা । সেইকাৰণে নতুন নতুন সন্ধান বিচাৰি ফুৰিছে । ক'ত বা খেলে ! ধুবুৰীত নে মানকাচৰত ।"
আনহাতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত হৈ থকা ঘটনা সন্দৰ্ভতো ৰঙিয়াৰ বিধায়কগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয় যে, "চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত যি ঘটি আছে সেয়া গণতান্ত্ৰিক দেশ এখনৰ বাবে বিপদজনক পৰিস্থিতি । আমি এটা আহ্বান জনাম তাত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈ থাকক । লগতে তাত থকা হিন্দু সকলো সুৰক্ষিত হৈ থাকক । তাত থকা সকলো জাতি-জনগোষ্ঠী সুৰক্ষিত হওক । তাৰ বাবে বাংলাদেশ চৰকাৰক আমি আহ্বান জনাইছো । আৰু বাংলাদেশৰ পৰা এতিয়া এজনো ব্যক্তিক অসমত প্ৰবেশ কৰিবলৈ দিয়া নহ’ব ।"
লগতে পঢ়ক: উত্তৰ-পূৰ্বাঞ্চলত সাংগঠনিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে বিজেপিৰ বৈঠক - BJP Meeting In Guwahati