ধুবুৰী সমষ্টিৰ ভোটাৰ এইবাৰ চৰকাৰৰ পক্ষত: জাভেদ ইছলাম - Lok Sabha election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
অগপ প্ৰাৰ্থী জাভেদ ইছলাম (undefined)

By ETV Bharat Assamese Team

Published : March 29, 2024 at 9:02 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটা, ২৯ মাৰ্চ: ধুবুৰী লোকসভা সমষ্টিৰ ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰক লৈ তৎপৰ হৈছে । আজি চেঙা সমষ্টিত এখন প্ৰচাৰ সভাত ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁট সমৰ্থিত অগপ প্ৰাৰ্থী জাভেদ ইছলামে এ আই ইউ ডি এফৰ বিৰুদ্ধে সৰৱ হৈ পৰে । এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক সমালোচনা কৰি জাভেদ ইছলামে কয়,"বদৰুদ্দিন আজমলে সমষ্টিবাসীৰ বাবে একো কৰা নাই । তেওঁ যি কৰিছে সেয়া হোজাইতহে কৰিছে, ধুবুৰীত নহয় ।"

মিত্ৰজোঁট সমৰ্থিত অগপ প্ৰাৰ্থী জাভেদ ইছলামে কয় যে ধুবুৰী লোকসভা সমষ্টিৰ ভোটাৰ এইবাৰ চৰকাৰৰ পক্ষত আছে । এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দুয়োটা দলে সমষ্টিটোৰ বাহিৰৰ নেতাক প্ৰাৰ্থিত্ব দিছে । ভোটাৰ ৰাইজে এইবাৰ স্থানীয় প্ৰাৰ্থীক বিজয়ী কৰোৱাটো নিশ্চিত বুলি দাবী কৰে অগপৰ প্ৰাৰ্থী জাভেদ ইছলামে । তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি মন্তব্য কৰে জাভেদ ইছলামে । সভাত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ তেওঁ কয়, "সুদূৰ নগাঁৱৰ পৰা আনি ধুবুৰীত প্ৰাৰ্থী দিছে কংগ্ৰেছে ।"

লগতে পঢ়ক:লোকসভা নিৰ্বাচনত কোন সমষ্টিত কিদৰে প্ৰভাৱ পেলাব সংখ্যালঘু ভোটাৰে - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details