লোকশিল্পী মহেশ্বৰ বৰাই কেতিয়া লাভ কৰিব শিল্পী পেন্সন ? - Folk Artist From Hojai - শিল্পী পেন্সন

🎬 Watch Now: Feature Video

thumbnail
লোক শিল্পী মহেশ্বৰ বৰাই কেতিয়া লাভ কৰিব শিল্পী পেঞ্চন ? (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : October 4, 2024 at 11:58 AM IST

2 Min Read
Choose ETV Bharat

হোজাই,৩ অক্টোবৰ: অসমত এতিয়াও এনে বহু প্ৰবীণ লো শিল্পী আছে যি নীৰৱে কৰি গৈছে সাধনা । কিন্তু বয়সৰ দেওনা কাহানিবাই অতিক্ৰম কৰিলেও জীয়াই ৰখাৰ প্ৰয়াস কৰি আহিছে গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজি । গুৰুজনাৰ অনুপম সৃষ্টি নাট-ভাওনাৰ সৈতে জড়িত হৈ খোল, বাদ্য সাধনাৰে এগৰাকী সফল বায়নৰূপে অবিভক্ত নগাঁও জিলাৰ হোজাইত খ্যাতি অৰ্জন কৰা তেনে এগৰাকী অশীতিপৰ ব্যক্তি হৈছে মহেশ্বৰ বৰা । নগাঁও জিলাৰ আইভেটিত ১৯৩৭ চনত জন্মগ্ৰহণ কৰা বৰ্তমান ১ নং কাকী ৩নং গাঁও নিবাসী মহেশ্বৰ বৰাই গুৰুজনাৰ সৃষ্টিৰাজিৰ চৰ্চাৰে সমগ্ৰ হোজাইৰ লগতে অসমৰ সাংস্কৃতিক জগতখনলৈ আগবঢ়োৱা অৱদান অনস্বীকাৰ্য ।

কিন্তু, ৮০ ৰ ঊৰ্ধৰ মহেশ্বৰ বৰা আজিও বঞ্চিত এটি শিল্পী পেন্সনৰ পৰা । অৱশ্যে, মহেশ্বৰ বৰাক অসম নাট্য সন্মিলনৰ লগতে হোজাই জিলাৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰই 'জীৱনজোৰা সাধনা বঁটা' প্ৰদান কৰাৰ লগতে কাকীৰ অন্যতম বিহু উদযাপন সমিতি 'কাকী কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু সমিতি',কাকী আঞ্চলিক ছাত্ৰ সন্থা, কাকী শাখা সাহিত্য সভাই সম্বৰ্ধনা প্ৰদান কৰিছে । সৌ সিদিনা, লংকাৰ ওমপ্ৰকাশ প্ৰমিলাদেৱী ন্যাসে বৰাক 'জীৱনজোৰা সাধনা বঁটা'ৰে সন্মানিত কৰে । খোলৰ মাত শুনিলেই ৰ'ব নোৱৰা ৰোগাক্ৰান্ত মহেশ্বৰ বৰায়ো আশা কৰিছে জীৱনৰ বিয়লি বেলাত হ'লেও এটি শিল্পী পেন্সনৰ । 

লগতে পঢ়ক: মৰাণৰ ৰশ্মিৰেখা গগৈলৈ জিলা ভিত্তিক লোক সেৱা বঁটা - Lok Sewa Award 2024

লোকশিল্পী তীর্থ নাথ ওজাক ধৰ্মদেৱ বিপ্ৰ বঁটা প্ৰদান - Dharmadeva Vipra Award

জুইশলাৰ বাকচতো সুৰৰ সৃষ্টি হয়, আমাৰ এই কাহিনীয়ে তাকে কয়... - Jorhat Artist

চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কলিয়াবৰৰ এগৰাকী লোকশিল্পী - Deprived Of Govt Schemes