তালুত চুমা খাই খাই মুকুতাৰ চুলিখিনি কোনে শেষ কৰিলে ? - MUKUTA DEKA PERFORMANCE IN RAAS

🎬 Watch Now: Feature Video

thumbnail
ৰাসত অভিনয় কৰিলে অভিনেতা মুকুতা ডেকাই (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : November 18, 2024 at 1:55 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী : সামৰণি পৰিল মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱৰ । এমাহজোৰা উখল মাখল পৰিৱেশৰ পাছত দেওবাৰৰ পৰা নিস্তব্ধ হ’ল মাজুলীৰ আকাশ-বতাহ । ৰাসৰ সামৰণিৰ লগে লগে নিজ নিজ স্থানলৈ উভতিছে মাজুলীলৈ অহা দেশী-বিদেশী পৰ্যটকসকল ।

ৰাসৰ সময়ছোৱাত দ্বিতীয় বৃন্দাবনলৈ পৰ্যৱেশিত হয় সত্ৰনগৰী মাজুলী । এই সময়ছোৱাত বাঁহীৰ সুৰ, খোল-তালৰ মাতে মুখৰিত হৈ পৰে মাজুলীৰ চৌপাশ । দক্ষিণ পাট সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ, চামগুৰি সত্ৰকে আদি কৰি সত্ৰ আৰু ৰংগমঞ্চসমূহত আয়োজন কৰা ৰাসে জিলিকাই তোলে মাজুলীক । এইবাৰ মাজুলীৰ ১২ খনকৈ সত্ৰৰ লগতে অৰ্ধ শতাধিক ৰংগমঞ্চত অনুষ্ঠিত হয় ৰাস মহোৎসৱ ।

লক্ষণীয় যে, মাজুলীৰ ৰাস অনন্য আৰু অদ্বিতীয় । ৰাস মহোৎসৱ মাজুলীবাসীৰ স্বাভিমান । দৰ্শনাৰ্থীৰ অকুণ্ঠ সঁহাৰিৰ মাজত কালি মাজুলীৰ ৰাসে পাৰ কৰিলে তৃতীয় ৰজনী ৷ ৰাস মহোৎসৱৰ সামৰণি পৰাৰ লগে লগে মাজুলীত এতিয়া নিস্তব্ধ পৰিৱেশ । ৪১ বছৰীয়া হোৱা গায়নগাঁও নৱ জ্যোতি কৃষ্টি সংঘৰ ৰাসৰ তৃতীয় তথা অন্তিম নিশা জনপ্রিয় অভিনেতা মুকুতা ডেকাই কৰিলে অভিনয় । নন্দালয়ৰ এটি খুহুঁতীয়া চৰিত্ৰত অভিনয় কৰি মুকুতা ডেকাই উপস্থিত দৰ্শকক দিয়ে হাঁহিৰ খোৰাক । মুকুতা ডেকাৰ অভিনয় চাবলৈ গায়নগাঁও নৱ জ্যোতি কৃষ্টি সংঘৰ ৰংগমঞ্চত দেখা গ’ল ৰাইজৰ যথেষ্ট ভিৰ ৷

লগতে পঢ়ক : পবিত্ৰ লক্ষ্মী পূৰ্ণিমাৰ দিনাই মাজুলীত আৰম্ভ হ’ল ৰাসৰ নাট মেলা পৰ্ব

ABOUT THE AUTHOR

With a dedicated team of entertainment reporters in all the state capitals, ETV Bharat brings out the latest trends from fashion and entertainment. ETV Bharat also has a team of specialised experts who exclusively write for the portal. It brings you stories from the silver screen to the mobile screen. It will be your last stop for all your entertainment stories....view details