গুৱাহাটীত দুই বলীউডৰ তাৰকা গোবিন্দা আৰু জন আব্ৰাহাম - GOVINDA IN GUWAHATI

🎬 Watch Now: Feature Video

thumbnail
গুৱাহাটীত দুই বলীউডৰ তাৰকা গোবিন্দা আৰু জন আব্ৰাহাম (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 2, 2025 at 3:36 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী : শনিবাৰে গুৱাহাটীত উপস্থিত হৈছে বলীউডৰ দুই তাৰকা গোবিন্দা আৰু জন আব্ৰাহাম । সুকীয়া সুকীয়া কাৰ্যসূচী হাতত লৈ গুৱাহাটীত উপস্থিত হৈছে বলীউডৰ দুই তাৰকা অভিনেতা  ৷

সোমবাৰে দুপৰীয়া মুম্বাইৰ পৰা আহি গুৱাহাটীৰ বৰঝাৰস্থিত বিমানবন্দৰত উপস্থিত হয় গোবিন্দা আৰু জন আব্ৰাহাম । ইফালে প্ৰিয় তাৰকা শিল্পী দুগৰাকী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকক সন্মুখৰ পৰা চোৱাৰ বাবে বিমানবন্দৰৰ বাহিৰত ভিৰ কৰে অনুৰাগীসকলে ।

উল্লেখ্য যে, শনিবাৰে সন্ধিয়া গুৱাহাটীৰ যোৰাবাটত 'পাইন ক্লাব'ৰ শুভ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অভিনেতা গোবিন্দা ৷ আনহাতে, জন আব্ৰাহামেও ব্যক্তিগত কাৰ্যসূচী হাতত লৈ গোবিন্দাৰ স’তে একেখন বিমানতে আহি গুৱাহাটীত উপস্থিত হয় ।  

ডুৰাণ্ড কাপত অংশগ্ৰহণৰ বাবে গুৱাহাটীত উপস্থিত হৈছে জন আব্ৰাহাম । ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেড এফ চিৰ খেলৰ বাবে আহিছে বলীউডৰ তাৰকা তথা স্বত্বধিকাৰী জন আব্ৰাহাম ।

লগতে পঢ়ক :ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা; ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ সন্মান আজুৰিলে 'ৰঙাটাপু ১৯৮২' এ - NATIONAL FILM AWARDS 2025
লগতে পঢ়ক :হিন্দী ছবিৰ বাবে পুনৰ থমকি ৰ'বলগীয়া হ'ল অসমীয়া ছবি - ASSAMESE FILMS

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details