ৰাইজৰ ৰোষত পৰিল পিচল ভূত : ভূতৰূপী দুলাল হীৰাক আটক - Youth arrested in Morigaon - CRIME IN MORIGAON

🎬 Watch Now: Feature Video

thumbnail
ৰাইজৰ ৰোষত পৰিল পিচল ভূত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 29, 2024 at 8:00 PM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও,২৯ জুন: নিশা মৰিগাঁৱৰ শিলসাঁকোত পিচল ভূতক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । সমগ্ৰ অঞ্চলটোতে বিগত এমাহ ধৰি নিশাৰ ভাগত বিৰাজ কৰিছিল পিচল ভূতৰ আতংক‌ । অঞ্চলবাসীৰ অভিযোগ অনুসৰি নিশা হ'লেই পিচল ভূতৰ টাৰ্গেট হৈ পৰে যুৱতী অথবা একাংশ মহিলা । প্ৰায় এমাহ ধৰি নিশা পিচল ভূত ওলোৱাৰ খবৰ চাৰিওফালে বিয়পি পৰা মাত্ৰকে অঞ্চলটোত বিৰাজ কৰিছিল মৰিশালিৰ নিস্তব্ধতা ।  

অৱশেষত মৰণত শৰণ দি অঞ্চলটোৰ ভালেসংখ্যক লোকে পিচল ভূতক খেদি খেদি ধৰিবলৈ সক্ষম হয় । লগে লগে আতংকৰ সৃষ্টি কৰি অহা পিচল ভূত চাবলৈ গোট খাই অঞ্চলটোৰ শ শ লোক । উত্তেজিত ৰাইজে উত্তম-মধ্যম শোধাই পিচল ভূতৰূপী মৰিগাঁও চহৰৰ দুলাল হীৰাক । ঘটনা সন্দৰ্ভত গাঁও প্ৰধানে খবৰ দিয়ে আৰক্ষীক । খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় মৰিগাঁও আৰক্ষী । পিচে পিচল ভূতৰূপী দুলাল হীৰাক আটক কৰিবলৈ আৰক্ষীক উত্তেজিত ৰাইজে বাধা প্ৰদান কৰাত সৃষ্টি হয় আন এক উত্তপ্ত পৰিস্থিতি । অৱশেষত পৰস্থিতি কিছু শান্ত হোৱাত দুলাল হীৰাক আটক কৰি নিজৰ জিম্মাত ল'বলৈ সক্ষম হয় মৰিগাঁও আৰক্ষী ।

লগতে পঢ়ক: ভূতৰ ত্ৰাসত এটা পৰিয়াল; বেজ-তান্ত্ৰিকেও খেদিব পৰা নাই ভূত - Unusual Incidents

কোনো নাহে ইয়ালৈ! ভূত বাংলালৈ পৰিণত হৈছে এটা চৰকাৰী কাৰ্যালয় - Border Magistrate office

অশৰীৰ আত্মাৰ কোলাহল; গাৰ নোম শিয়ৰি উঠা ভূতৰ কাহিনী - Most Hunted Places Of India

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details