শিক্ষা বিভাগে কৰিব নোৱৰা কাম কৰি দেখুৱালে আছুৱে - AASU repairs dilapidated school
🎬 Watch Now: Feature Video

Published : July 31, 2024 at 9:47 PM IST
জোনাই,৩১ জুলাই: যি সময়ত অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিক্ষাৰ গুণগত মান উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ চুকে-কোণে প্ৰতিখন বিদ্যালয়ত গুণোৎসৱ পাতি আহিছে তেনে সময়তে জোনাইৰ ২নং বেৰা চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ দৃশ্যই চৰকাৰৰ ফোপোলা স্বৰূপ উদঙাইছে । ২০১৩ চনতে চৰকাৰী হোৱা বিদ্যালয়খন চৰকাৰ কিম্বা বিভাগটোৰ পৰা কোনোধৰণৰ বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে আৰ্থিক সাহাৰ্য লাভ কৰিবলৈ সক্ষম নোহোৱাত বছৰ বছৰ ধৰি এটা জৰাজীৰ্ণ গোহালিসদৃশ গৃহতে পাঠদান অব্যাহত ৰাখে ।
বিদ্যালয়খনত নাই কোনো পৃথক শ্ৰেণীকোঠা, নাই পৰ্যাপ্ত ডেস্ক-বেঞ্চ । ইয়াৰ উপৰিও সামান্য বতাহ-বৰষুণতো বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণীৰ পাঠদান বন্ধ কৰিবলগীয়া হয় । কিন্তু তেনে এক পৰিস্থিতিতে চৰকাৰ কিম্বা বিভাগটোৰ পৰা কোনো উন্নয়নমূলক আন্তঃগাথঁনি লাভ কৰিবলৈ সক্ষম নোহোৱা এই জৰাজীৰ্ণ চৰকাৰী বিদ্যালয়খন পুনৰ মেৰামতি কৰিলে ধেমাজি জিলা ছাত্ৰ সন্থা আৰু জোনাই আঞ্চলিক ছাত্ৰ সন্থাই । সংগঠনটোৰ অৰ্ধশতাধিক কৰ্মীয়ে হাতে-কামে লাগি প্ৰৱল ৰ'দকো নেওচি কঠোৰ শ্ৰমদানেৰে পুনৰ মেৰামতি কৰি উলিয়ালে বিদ্যালয়গৃহটো ।