চিকিৎসা মাচুল বৃদ্ধিৰ বিৰোধিতা আছুৰ - Medical Charge Hike - MEDICAL CHARGE HIKE
🎬 Watch Now: Feature Video

Published : July 30, 2024 at 8:47 PM IST
বৰপেটা, ৩০ জুলাই: এক আগষ্টৰ পৰা ২০ শতাংশ পৰ্যন্ত বাঢ়িব চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা মাচুল । পঞ্জীয়নকে ধৰি বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে । ইয়াকে লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাহুল সুত্ৰধৰে ।
বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাহুল সুত্ৰধৰে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধ কৰি কয়, "মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্য বিভাগৰ দায়িত্বত আছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজকে সাধাৰণ জনতাৰ ত্ৰাণকৰ্তা হিচাপে পৰিচয় দিব খোজে ৷ বিজেপি চৰকাৰে মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ জনতাক হাতুৰিৰে কোবাই আছে ৷ চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ নামত যি মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে এয়াই প্ৰমান কৰে এই চৰকাৰখন সাধাৰণ জনতাৰ বাবে নহয় ৷ "
তেওঁ পুনৰ কয়,"মূল্যবৃদ্ধিৰ বিৰোধ কৰিয়ে বিজেপিয়ে চৰকাৰ গঠন কৰিছিল ৷ বৰ্তমান সেই চৰকাৰখনে সাধাৰণ জনতাৰ স্বাৰ্থ ৰক্ষাৰ পৰিবৰ্তে ধনী লোকৰ স্বাৰ্থ ৰক্ষা কৰিছে ৷ চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ মাচুল বৃদ্ধি সাধাৰণ জনতাই মানি নলৈ ইয়াৰ বিৰোধ কৰিবই ৷ অনতি পলমে চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে চৰকাৰখন বৰ্তি নাথাকিব ।"
ইপিনে, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত জৰুৰীকালিন চিকিৎসাৰ সময়ত চিকিৎসক নথকাৰো অভিযোগ কৰি আছু নেতাগৰাকীয়ে কয়,"মাচুল বৃদ্ধিৰ পূৰ্বে চিকিৎসালয়খনত চিকিৎসাৰ ব্যৱস্থা উন্নত কৰক ৷"