জলসম্পদ মন্ত্ৰীৰ পুত্তলিকা নৈত উটুৱাই আছুৰ প্ৰতিবাদ - Assam Flood 2024 - ASSAM FLOOD 2024

🎬 Watch Now: Feature Video

thumbnail
জলসম্পদ মন্ত্ৰীৰ পুত্তলিকা নৈত উটুৱাই আছুৰ প্ৰতিবাদ (ETV Bharat)

By ETV Bharat Assamese Team

Published : July 6, 2024 at 10:03 PM IST

1 Min Read
Choose ETV Bharat

কলিয়াবাৰ,৬ জুলাই : ৰাজ্যত এতিয়া আহাৰমহীয়া বানৰ সংহাৰ । লাখ লাখ লোক বানৰ কৱলত পৰিছে । ঘৰ-মাটি হেৰুৱাই দিশহাৰা হৈ পৰিছে লোকসকল । বছৰি বানৰ ফলত অসম ব্যাপক ক্ষতিৰ সন্মুখীন হৈ আহিছে যদিও বান নিয়ন্ত্ৰণত বিফল হৈছে অসম চৰকাৰ । যাৰ বাবে আছুৱে শনিবাৰে নগাঁও জিলাৰ কলিয়াবৰত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ পুত্তলিকা নৈত উটুৱাই দি প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ কৰ্মীসকলে । আনহাতে জলসম্পদ মন্ত্ৰীৰ পদত্যাগৰো দাবী কৰে ছাত্ৰ সংগঠনটোৱে ।

উল্লেখ্য যে হাতীমূৰা মথাউৰি ছিগা ৫ দিন অতিক্ৰম কৰিলে । কিন্তু এতিয়ালৈকে জলসম্পদ মন্ত্ৰীয়ে অঞ্চলটোৰ ৰাইজৰ ওচৰত থিয় দিয়া নাই । একেদৰে শ্লুইছ গেটৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিষয়াৰো কোনো গুৰুত্ব নাই । যাৰ বাবে ঠিকাদাৰী প্ৰতিষ্ঠান, জলসম্পদ বিভাগৰ বিষয়া, অভিযন্তা আৰু মন্ত্ৰীৰ বিৰুদ্ধে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে শীঘ্ৰে বানপীড়িতক সাহায্য প্ৰদান নকৰিলে আৰু বান সমস্যা সমাধান কৰিব নোৱাৰিলে আছুৱে ভয়ংকৰ আন্দোলনৰো হুংকাৰ দিয়ে ।

লগতে পঢ়ক :চৰাঞ্চলৰ বন্যাৰ্তৰ কাষত এটা দম্পতী - Assam Flood 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details