সুকলমে HSLC আৰু HS পাতিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষক সাক্ষাৎ আছুৰ

🎬 Watch Now: Feature Video

thumbnail
আছুৰ সঁজাতি দল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : February 8, 2025 at 12:35 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কাউন্ট-ডাউন । আগন্তুক পৰীক্ষা সন্দৰ্ভত আলোচনা কৰিবলৈ শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি অভিৱর্তন গোস্বামী, শিক্ষা সম্পাদক টুটুমণি কলিতা, ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য জিতেন দাস, সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ এটি সঁজাতি দলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰু উপাধ্যক্ষক সাক্ষাৎ কৰে ।

ইয়াৰ পিচতেই সংবাদ মাধ্যমৰ আগত শিক্ষা সম্পাদক টুটুমণি কলিতাই কয়, "আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ মুঠ ৪,২৯,৪৪৮ গৰাকী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত ২,৩০,০৩২ গৰাকী, বিজ্ঞান শাখাত ৫৭,৭০৮ গৰাকী, বাণিজ্য শাখাত ১৭,৮৬০ গৰাকী আৰু বৃত্তিমূলক শাখাত ১২৪১ গৰাকীসহ মুঠ ৩,০৬,৮৪১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত নিৰূপণ হ'ব । এই পৰীক্ষাত যাতে ছাত্র-ছাত্রী সকলে শংকামুক্ত হৈ মানসিকভাৱে সম্পূর্ণ সুস্থিৰতাৰে পৰীক্ষাত বহিব পাৰে তাৰ বাবে সকলোধৰণৰ ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনোৱা হৈছে ।  লগতে নিখুঁত আৰু ত্রুটিহীনভাৱে পৰীক্ষা পৰিচালনা কৰিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ কর্তৃপক্ষক আছুৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে ।"

তেওঁ পুনৰ কয়, "সুকলমে পৰীক্ষা অনুষ্ঠিত কৰা আৰু ফলাফল ঘোষণা কৰাৰ জৰিয়তে যাতে ৰাজ্যিক ব'ৰ্ডৰ গ্ৰহণযোগ্যতা আৰু বিশ্বাসযোগ্যতা অসমৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকলৰ মাজত বৃদ্ধি হয়, তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ কর্তৃপক্ষক আহ্বান জনোৱা হয় ।"

লগতে পঢ়ক:২১ জানুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা - HSLC EXAM 2025 SCHEDULE