তেজপুৰত আপৰ নিৰ্বাচনী ৰেলী - Lok Sabha election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : April 10, 2024 at 9:23 PM IST

1 Min Read

তেজপুৰ, ১০ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ তুংগত উঠিছে । শাসক-বিৰোধী উভয়ে ৰাজপথত বিভিন্ন শ্ব'ৰে ভোটাৰৰ মন আকৰ্ষণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । পিচপৰি থকা নাই ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী । বুধবাৰে তেজপুৰত আপৰ কেন্দ্ৰীয় নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীয়ে কৰিলে ৰোড শ্ব' । 
তেজপুৰ মূঢ়া তেতেলীৰ পৰা নেহৰু মৈদানলৈকে বিশাল জনসমাগমৰে আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ বাবে ওলাই আহিল বিভিন্নজন । ই-ৰিক্সা আৰু পদপথৰে যাত্ৰা কৰি আম আদমী পাৰ্টিৰ নিৰ্বাচনী গীতেৰে সমৰ্থকসকলে উত্তাল কৰি তোলে ৰাজপথ । অৱশ্যে তেজপুৰ চক বজাৰৰ পৰা কেন্দ্ৰীয় নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীয়ে সামৰণি মাৰিলে এই ৰোড শ্ব', কাৰণ দিল্লীলৈ উভতিব লাগে আতিশী । নিৰ্বাচনী প্ৰচাৰৰ ৰোড শ্ব'ত প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিণন্যই ৰাইজক লৈ যাত্ৰা কৰে । 

লগতে পঢ়ক: অসমত আপৰ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতাক লৈ শংকিত বিজেপি: আতিশী - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.