পিষ্টলসহ গ্ৰেপ্তাৰ পাণবজাৰত সংঘটিত ডকাইতিত জড়িত যুৱক - Robbery in Guwahati - ROBBERY IN GUWAHATI

🎬 Watch Now: Feature Video

thumbnail
পিষ্টলসহ গ্ৰেপ্তাৰ পাণবজাৰত সংঘটিত ডকাইতিত জড়িত যুৱক (ETV Bharat)

By ETV Bharat Assamese Team

Published : September 22, 2024 at 7:33 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, ২২ ছেপ্টেম্বৰ: গুৱাহাটী মহানগৰীৰ পাণবজাৰ অঞ্চলত ডকাইতিৰ লগত জড়িত থকা সন্দেহত আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰিছে । পাণবজাৰ আৰক্ষীয়ে ফটাশিলৰ পৰা গ্ৰেপ্তাৰ কৰে ৰাজু বড়ো নামৰ এজনক । ৰাজু বড়োৰ পৰা উদ্ধাৰ এটা পিষ্টল । উদ্ধাৰ হোৱা পিষ্টলটো আৰক্ষীৰ বেৰেকৰ পৰা চুৰি কৰা বুলি সন্দেহ কৰা হৈছে ।

উল্লেখ্য যে, শুকুৰবাৰে পুৱা এখন ই-ৰিক্সা চালকৰ পৰা দুই দুৰ্বৃত্তই পিষ্টল দেখুৱাই লুটি নিছিল নগদ ধন আৰু ম'বাইল । মহম্মদ আয়জুল নামৰ ই-ৰিক্সা চালকজনে এই সন্দৰ্ভত কয়, ‘‘পুৱা ই-ৰিক্সা লৈ ওলাই আহিছিলো । এ টি ৰোডৰ বিশ্বৰত্ন হোটেলৰ সমীপত পুৱা প্ৰায় ৪.৫০ বজাত দুজন যুৱক ৰিক্সাত উঠিছিল আৰু গুৱাহাটী ষ্টেচনলৈ যাম বুলি কৈছিল । গুৱাহাটী ষ্টেচনলৈ গৈ থকা অৱস্থাত ষ্টেচন পোৱাৰ আগতে পাণবজাৰ অঞ্চলত ৰিক্সাখন ৰখাবলৈ দিয়ে যুৱক দুজনে ৷ ৰিক্সাখন ৰখোৱাৰ লগে লগে দুই দুৰ্বৃত্তই দুয়োফালৰ পৰা দুটা পিষ্টল দেখুৱাই ম'বাইল আৰু নগদ ধন লুটি ই-ৰিক্সাখন লৈ যাব খুজিছিল । কিন্তু ৰিক্সাখন লৈ মই আগবাঢ়ি গৈ চিঞৰ-বাখৰ কৰাত স্থানীয় লোক গোট খোৱাৰ বাবে শূন্যলৈ গুলী ফুটাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুই দুৰ্বৃত্তই ।’’

লগতে পঢ়ক: এইবাৰ পিষ্টলধাৰী দুৰ্বৃত্তৰ লক্ষ্য ই-ৰিক্সা চালক, গুৱাহাটীত পুৱাই চাঞ্চল্য - Robbery in Guwahati

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details