নামঘৰলৈ ভূমি দান কৰি চৰ্চাত জোনাইৰ এগৰাকী মিচিং জনগোষ্ঠীৰ মহিলা - Land Donate - LAND DONATE
🎬 Watch Now: Feature Video

Published : July 29, 2024 at 5:03 PM IST
জোনাই, 29 জুলাই : নামঘৰলৈ ভূমি দান কৰি চৰ্চালৈ আহিছে জোনাইৰ এগৰাকী মিচিং জনগোষ্ঠীৰ মহিলা ৷ 90 বছৰৰ উৰ্ধৰ এইগৰাকী মহিলাই নামঘৰলৈ দান দিছে নিজৰ নামত থকা বৃহৎ পৰিমাণৰ ভূমি ৷
এইগৰাকী বৃদ্ধাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সমাজলৈ নিজৰ ঘৰৰ দুবিঘা ভূমি আগবঢ়াইছে ৷ জোনাইৰ মচিংপুৰ গাঁৱৰ কাম্পতী পেগু নামৰ এইগৰাকী মিচিং জনগোষ্ঠীৰ মহিলাৰ এই পদক্ষেপে এতিয়া চৰ্চা লাভ কৰিছে ৷ সংসাৰৰ সকলো মায়ামোহ ত্যাগ কৰি এইগৰাকী আইতাই তেওঁৰ স্বামী জীয়াই থকা অৱস্থাতে ভূমি দান কৰাৰ সিদ্ধান্ত লৈছিল।
পৰিয়ালৰ সকলো সদস্যৰ উপস্থিতিত দেওবাৰে 90 বছৰীয়া আইতা কাম্পতী পেগুৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সমাজলৈ আগবঢ়াই দুবিঘা ভূমিৰ লগতে চৰকাৰৰ পৰা অনুদান হিচাপে পোৱা নামঘৰ গৃহভাগ ৷
লগতে পঢ়ক : বনাঞ্চল হ্ৰাস হোৱাৰ বাবেই বৃদ্ধি হৈছে বাঘ-মানুহৰ সংঘাত - International Tiger Day 2024