কাম কৰিবলৈ গৈ এসপ্তাহ ধৰি সন্ধানহীন মৰাণৰ এজন লোক - Missing case in Moran - MISSING CASE IN MORAN
🎬 Watch Now: Feature Video

Published : August 2, 2024 at 4:32 PM IST
মৰাণ,২ আগষ্ট: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে সন্ধানহীন হোৱাৰ ঘটনা । ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৰুষ, মহিলা, যুৱতী সন্ধানহীন হোৱা ঘটনাই সচেতন ৰাইজৰ মাজত উদ্বেগৰ সৃষ্টি কৰাৰ সময়তে ঘৰৰ পৰা কাম কৰিবলৈ ওলাই গৈ বিগত এটা সপ্তাহ ধৰি সন্ধানহীন হৈ আছে মৰাণৰ এজন লোক । মৰাণৰ ৩ নং মাধকলি গাঁৱৰ যতীন বাইলুঙৰ পুত্ৰ দীপক বাইলুং যোৱা ২৬ জুলাইৰ পৰা সন্ধানহীন হৈ থকাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালৰ মাজত । পেছাত ৰাজমিস্ত্ৰী দীপক বাইলুঙে যোৱা ২৬ জুলাইৰ পুৱা অহা এটা ফোনকলৰ পাচতে AS-06-T-9258 নম্বৰৰ মটৰচাইকেল লৈ কাম কৰিবলৈ শিৱসাগৰ জিলাৰ ডিমৌলৈ ৰাওনা হৈছিল ৷ কাম কৰিবলৈ বুলি ওলাই যোৱা দীপকে লগত কামৰ যাৱতীয় সা-সঁজুলি লৈ গৈছিল বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে ।
কিন্তু সেইদিনাই দিনৰ প্ৰায় ১০ বজাৰ পৰাই বন্ধ হৈ আছে দীপকৰ মোবাইল ফোন । যুৱকজনৰ কোনো সন্ধান নোপোৱাত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালটোত । কণমানি পুত্ৰ আৰু পত্নীৰ সৈতে জীৱন নিৰ্বাহ কৰা দীপকক লৈ এতিয়া গভীৰ আশংকাত দিন পাৰ কৰিছে পৰিয়ালৰ লোকে ৷ বন্ধু-বান্ধৱ তথা সম্ভাব্য সকলো স্থানতে খবৰ কৰি দীপকৰ কোনো সন্ধান লাভ নকৰাত খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে । কোনো লোকে যুৱকজনৰ সন্ধান পালে খোৱাং আৰক্ষী থানাত অৱগত কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে ।