শান্ত-সমাহিত গজৰাজ : মাজুলীৰ কাৰ্তিক চাপৰিত বন্যহস্তীৰ বিশাল জাক - Free Roaming of Wild Elephant - FREE ROAMING OF WILD ELEPHANT

🎬 Watch Now: Feature Video

thumbnail
মাজুলীৰ কাৰ্তিক চাপৰিত বন্যহস্তীৰ বিশাল জাক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 3, 2024 at 7:50 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী,৩ আগষ্ট: হাতী-মানুহৰ সংঘাতৰ বাতৰি চৰ্চাত থকাৰ সময়তে এজাক হাতীয়ে মুগ্ধ কৰিছে ৰাইজক । মাজুলীৰ কাৰ্তিক চাপৰিলৈ চাই চকু ৰৈ যায় নিমাতী আৰু মাজুলীলৈ অহা-যোৱা কৰা ফেৰীৰ যাত্ৰীৰ । ব্ৰহ্মপুত্ৰৰ চাপৰিত হাতীৰ জাকটোৰ বিচৰণে আপ্লুত কৰিছে যাত্ৰীসকলক । প্ৰতিদিনেই ব্ৰহ্মপুত্ৰত হাতীৰ জাকটোৱে পানী খোৱা দৃশ্য অতি মনোৰম । খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ বৃহৎ জাকটোৱে বনাঞ্চলৰ পৰা ওলাই আহি চাপৰিটোত বিচৰণ কৰা মনোমোহা দৃশ্য বন্দী কৰি ৰাখিছে বহু ফেৰী যাত্ৰীয়ে ।  

১৫০ টা হাতীৰ জাকটোৱে চাপৰিটোত বিচৰণ কৰিছে প্ৰায় এসপ্তাহ ধৰি । বিগত কিছুদিন পূৰ্বে হাতীৰ জাকটোৱে প্ৰৱেশ কৰিছিল মাজুলীৰ বিভিন্ন অঞ্চলত । যাৰ ফলত ত্ৰাসৰ সৃষ্টি হৈছিল বন্যহস্তীয়ে বিচৰণ কৰা অঞ্চলসমূহত । পিচে এতিয়া হাতীৰ জাকটো চাবলৈ উৎসুক হৈ পৰিছে ৰাইজ । 

লগতে পঢ়ক: বন্যহস্তীৰ জলকেলিয়ে মুহিছে মাজুলীবাসীক - Wild elephant menace

উৎকট গৰমে দহিছে ৰাজ্য: গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি বন্যহস্তী আৰু গঁড়ৰ জলকেলি - Manas National Park

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details