লাভলীনা বৰগোঁহাইলৈ সৰুপথাৰত শুভেচ্ছামূলক অনুষ্ঠান - Paris Olympics 2024 - LOVLINA BORGOHAIN IN PERIS OLYMPICS

🎬 Watch Now: Feature Video

thumbnail
লাভলীনা বৰগোঁহাইলৈ সৰুপথাৰত শুভেচ্ছামূলক অনুষ্ঠান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 30, 2024 at 10:43 PM IST

1 Min Read
Choose ETV Bharat

সৰুপথাৰ,৩০ জুলাই: বুধবাৰে পেৰিছ অলিম্পিকত নৰৱে'ৰ বক্সাৰৰ সৈতে ৰিঙত নামিব অসমকন্যা লাভলীনা বৰগোঁহাই । উৎকণ্ঠাৰ সীমা নাই সৰুপথাৰ তথা ধনশিৰিবাসীৰ । সৰুপথাৰৰ ৰংঘৰত মঙলবাৰে সন্ধিয়া এক শুভেচ্ছামূলক অনুষ্ঠানৰ আয়োজন কৰা হয় । উক্ত অনুষ্ঠানত হৰ্ডিং প্ৰদৰ্শন কৰা হয় । "গ' ফৰ গ'ল্ড লাভলীনা" বুলি শুভেচ্ছামূলক বাক্যৰে লাভলীনাক অনুপ্ৰাণিত কৰিবলৈ গ্ৰহণ কৰা হয় এক প্ৰচেষ্টা । লাভলীনা বৰগোঁহাইৰ পিতৃ টিকেন বৰগোঁহাইয়ে এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।  

লগে লগে ক্ৰীড়া সংগীত পৰিৱেশন কৰা হয় । সকলোৱে আশাবাদী যে লাভলীনা বৰগোঁহায়ে এইবাৰ পেৰিছ অলিম্পিকত স্বৰ্ণ জয় কৰিব । উক্ত অনুষ্ঠানত উপস্থিত থাকে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, DIG দেৱজ্যোতি মুখাৰ্জী, গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, ধনশিৰি মহকুমাধিপতি শ্ৰেয়া সিংহলকে ধৰি বিশিষ্ট ব্যক্তিসকল । 

লগতে পঢ়ক: পুনৰ ইতিহাস ৰচাৰ লক্ষ্যৰে পেৰিছ অলিম্পিকলৈ লাভলীনা বৰগোহাঁই - LOVLINA BORGOHAIN

লাভলীনা বৰগোঁহাই : স্কুলৰ খেলপথাৰৰ পৰা অলিম্পিকৰ ক্ৰীড়াংগনলৈ অদম্য সপোনৰ এক জীয়া বাস্তৱ - PARIS OLYMPICS 2024

এই প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰিলেই অলিম্পিকত লাভলীনাৰ দ্বিতীয় পদক নিশ্চিত ! - Paris Olympics 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details