পুত্ৰৰ মাজেৰেই মাতৃয়ে বিচাৰি পাইছে সপোন পূৰণৰ বাট - Rabindra Sangeet competition in Ghy - RABINDRA SANGEET COMPETITION IN GHY

🎬 Watch Now: Feature Video

thumbnail
বঁটা লাভ সন্দৰ্ভত মাতৃ আৰু ঋদ মল্লিকৰ ভাষ্য (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 1, 2024 at 3:40 PM IST

2 Min Read
Choose ETV Bharat

ধুবুৰী, 1 জুলাই : চিকিৎসক হোৱাৰ সপোন আছিল মাতৃৰ, লগতে হ’ব বিচাৰিছিল গায়িকাও ৷ কিন্তু ভাগ্যৰ পাকচক্ৰত পৰি তেওঁ হ’লগৈ শিক্ষয়িত্ৰী ৷ আক্ষেপ নাই, কিন্তু কোনোবাখিনিত আশা আছে যে গায়িকা হোৱাৰ তেওঁৰ সপোনটো যেন তেওঁৰ পুত্ৰই পূৰ কৰিব ৷ কেতিয়াও অৱশ্যে এই কথা লৈ জোৰ দিয়া নাই তেওঁ সন্তানক ৷ মাকে গীত গোৱা শুনি শুনিয়ে পুত্ৰয়ো গুণ গুণাবলৈ আৰম্ভ কৰোতেহে অভিভাৱকৰ চকুত পৰে এই কথা ৷ এই কাহিনী ধুবুৰীৰ ঋদ মল্লিকৰ ৷

ধুবুৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে চুতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ঋদ মল্লিকে । ৰাজ্যিক প্ৰেক্ষাপটত তৃতীয় স্থান লাভ কৰি সকলোকে আনন্দিত কৰি তুলিছে ঋদ মল্লিকে ৷ পিতৃ-মাতৃৰ মুখত আনন্দৰ হাঁহি সন্তানৰ এই সফলতাত ৷ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৩ সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা দ্বিতীয় ৰাজ্যিক পৰ্যায়ৰ ৰবীন্দ্ৰ সংগীত আৰু নৃত্য প্ৰতিযোগিতাত অংশ লৈ এই কৃতিত্ব অৰ্জন কৰে ঋদ মল্লিকে ।

ধুবুৰী জিলাৰ পৰা প্ৰথম স্থান লাভ কৰি ৰাজ্যিক পৰ্যায়ৰ সেই প্ৰতিযোগিতাত ৰবীন্দ্ৰ সংগীতৰ 'ক' শাখাত তৃতীয় স্থান লাভ কৰে ঋদ মল্লিকে ৷ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত ঋদ মল্লিকক বঁটা প্ৰদান কৰা হয় । ড৹ দীপংকৰ মল্লিক আৰু মাতৃ নিবেদিতা দেবনাথ মল্লিকৰ পুত্ৰ তথা ধুবুৰী চহৰৰ আৰ. কে. মিছন ৰোডৰ বাসিন্দা ঋদ কেৱল ৰবীন্দ্ৰ সংগীততেই নহয়; অসমীয়া, হিন্দী, ইংৰাজী, মালায়ালম আদি বিভিন্ন ভাষাৰ গানতো পাৰ্গত । ২ বছৰ বয়সৰ পৰা সংগীতৰ প্ৰতি অসীম ধাউতি ঋদ মল্লিকৰ । এতিয়া ঋদৰ পৰৱৰ্তী লক্ষ্য দেশৰ আগশাৰীৰ চেটেলাইট চেনেল এটাই আয়োজন কৰি অহা "লিটল চেম্পছ" নামৰ সংগীত প্ৰতিযোগিতাত অংশ লৈ অসমলৈ গৌৰৱ কঢ়িয়াই অনা ।

লগতে পঢ়ক : মৰিগাঁৱত ইমনৰ প্ৰচাৰ, সমূহ মৰিগাঁওবাসীক ইমন চাবলৈ অনুৰোধ কলা-কুশলীৰ - New Assamese Movie

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details