খোল-তাল বজাই বেদীত প্ৰতিষ্ঠা মা লক্ষ্মীক; কেওঁটকুছিত ৭ দিনীয়া কাৰ্যসূচীৰে লক্ষ্মী পূজাৰ মহা আয়োজন - ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা

🎬 Watch Now: Feature Video

thumbnail
খোল-তাল বজাই বেদীত প্ৰতিষ্ঠা মা লক্ষ্মীক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : October 17, 2024 at 7:01 AM IST

2 Min Read
Choose ETV Bharat

বৰপেটা, ১৭ অক্টোবৰ: লক্ষ্মী পূৰ্ণিমাৰ দিনা ৰাজ্যবাসীয়ে সভক্তিৰে পূজা কৰিলে ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী মা লক্ষ্মীক ৷ সমগ্ৰ ৰাজ্যতে বুধবাৰে হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি উদযাপন কৰা হয় ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰীমহালক্ষ্মীৰ পূজা ৷ বৰপেটা জিলাৰ বিভিন্ন স্থান তথা লক্ষ্মী মন্দিৰত ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজাৰ আয়োজন কৰা হয় ।‌ ঠাই বিশেষে তিনিৰ পৰা সাত দিনীয়া কাৰ্যসূচীৰে এই পূজাৰ আয়োজন কৰা হয় ।

বুধবাৰৰে পৰা বৰপেটাৰ কেওঁটকুছিত ৭ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মহালক্ষ্মী পূজা মহোৎসৱ ৷ এইবেলি ৮৮ বছৰত পদাৰ্পন কৰিছে কেওটকুছিৰ মহালক্ষ্মী পূজা মহোৎসৱে ৷ বুধবাৰে বিয়লিৰ ভাগত ভক্তসকলে খোল-তাল বজাই দেৱীৰ প্ৰতিমা আদৰি আনি পূজাৰ বেদীত দেৱীপ্ৰতিমা স্থাপন কৰা হয় ৷ ইয়াৰ পাচতে যথাবিহীত ধৰ্মীয় পৰম্পৰাৰে পূজা অৰ্চনা আৰম্ভ হয় ৷

মহালক্ষ্মী পূজাৰ দ্বাৰ উন্মোচন কৰে বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৷ পূজাৰ পৰম্পৰাগত ৰীতি নীতিৰ লগতে বিভিন্ন প্ৰতিযোগিতা, নাট প্ৰদৰ্শন, মেলা আদিও অনুষ্ঠিত হ’ব । মহালক্ষ্মী পূজা উপলক্ষে কেওঁটকুছিৰ পূজাথলি লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হয় ৷

বুধবাৰৰে পৰা আৰম্ভ হোৱা কেওঁটকুছিৰ মহালক্ষ্মী পূজা মহোৎসৱ উপলক্ষে থিয়নাম, আতচবাজী আদি প্ৰদৰ্শন কৰা হয় ৷ সাতদিনীয়াকৈ অনুষ্ঠিত শ্ৰীমহালক্ষ্মীপূজা মহোৎসৱত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে ৷

লগতে পঢ়ক : গুৱাহাটীৰ বজাৰত লক্ষ্মী পূজাৰ সামগ্ৰীৰ পয়োভৰ

লগতে পঢ়ক : জীৱনত ধনৰ অভাৱ দূৰ কৰিব বিচাৰে নেকি ? আজি লক্ষ্মী পূজাৰ দিনা কৰক এই কাম

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details