বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক ডিমাকুছি অধিৱেশনৰ অভ্যৰ্থনা সমিতি গঠন - বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : February 25, 2024 at 12:39 PM IST

1 Min Read
Choose ETV Bharat

ওদালগুৰি, ২৫ ফেব্ৰুৱাৰী : আগন্তুক ২০২৫ চনত হ’ব বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যাক বাৰ্ষিক অধিৱেশন ৷ সেয়ে শনিবাৰে গঠন কৰা হয় এই অধিৱেশনৰ অভ্যৰ্থনা সমিতি ৷ ওদালগুৰি জিলা বড়ো সাহিত্য সভাৰ সভাপতি মাণিক বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখন উদ্বোধন কৰে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীয়ে ।

সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বড়ো সাহিত্য সভাৰ সভাপতি ড৹ সুৰথ নাৰ্জাৰীয়ে বক্তব্য প্ৰদান কৰে । লগতে পানেৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা কমলী বসুমতাৰী, বিটিচিৰ প্ৰাক্তন উপাধ্যক্ষ নেৰচন বড়ো, বিটিচিৰ কাৰ্যবাহী সদস্য ডাউবাইচা বড়ো, এবছুৰ নেতৃবৃন্দ আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশিষ্ট ব্যক্তি, সাহিত্য-সংস্কৃতি, জ্যেষ্ঠ নাগৰিক, বড়ো জাতিৰ বিভিন্ন সন্থা, সংগঠনৰ আদিৰ লোকে অংশগ্ৰহণ কৰে ।

উক্ত সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক সভাপতি, ডাউবাইচা বড়োক কাৰ্যকৰী সভাপতি, জৌশ্ৰাং বড়োক সাধাৰণ সম্পাদক, মাণিক বসুমতাৰী, খগেন বসুমতাৰী, বোধেশ্বৰ বড়ো, নিৰমলা বড়ো থানেশ্বৰ বড়ো, ৰমেন বসুমতাৰী, কৃষ্ণকান্ত বসুমতাৰী, জৌচাং বসুমতাৰী আদিকে কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক লৈ উপ-সভাপতি আৰু কেইবাখনো উপসমিতি গঠন কৰা হয় ।

লগতে পঢ়ক : লোকসভা নিৰ্বাচনৰ পাচতে আৰম্ভ হ'ব বসুন্ধৰা 3.0

ABOUT THE AUTHOR

...view details