তেল চুৰিত জড়িত ৬ জনক আটক, পিষ্টল-যন্ত্ৰ উদ্ধাৰ - OIL THEFT RACKET

🎬 Watch Now: Feature Video

thumbnail
তেল চুৰিত জড়িত ৬ জনক আটক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : October 19, 2024 at 4:07 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট: হাতত মাৰণাস্ত্ৰ লৈ উজনিত পনীয়া সোণৰ চোৰাং বেহা । তেল চুৰিৰ লগত জড়িত ৬ জনক আটক কৰিছে যোৰহাট আৰক্ষীয়ে । লগতে আৰক্ষীয়ে পিষ্টলসহ বহু যন্ত্ৰপাতি জব্দ কৰিছে । উজনি অসমত  সক্ৰিয় হৈছে তেল চুৰি চক্ৰ । অইল আৰু অ' এন জি চিৰ তেলৰ পাইপলাইনত যন্ত্ৰপাতিৰ সহায়ত পাইপ ফুটা কৰি দীৰ্ঘদিনে তেল চুৰি কৰি এটা বৃহৎ চক্ৰই পনীয়া সোণৰ চোৰাং বেহা চলাই আহিছিল ।

শুক্ৰবাৰে নিশা জিলা উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা আৰক্ষীৰ দলে তেল চুৰি কৰিবলৈ চেষ্টা চলাই থকাৰ সময়তেই পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত পুৰণি মাটি এলেকাৰ পৰা ৬জন লোকক আটক কৰে । ধৃত অভিযুক্তকেইজন হৈছে তিনিচুকীয়াৰ প্ৰণৱ বৰুৱা, ভুৱন মৰাণ, দুলীয়াজানৰ বিকি বৰশইকীয়া, খ্যাতি শইকীয়া,যোৰহাটৰ জিতুল দাস আৰু পৰাগ বৰা ।

আৰক্ষীয়ে এই চক্ৰটোৰ পৰা তেল চুৰি কাৰ্যত ব্যৱহাৰ কৰা বিভিন্ন সা-সজুলি আৰু এটা অনুজ্ঞাপত্ৰ থকা পিষ্টল আৰু AS 06 AE 4564 নম্বৰৰ এখন গাড়ীও জব্দ কৰিছে । আনহাতে, আটকাধীন কেইজনৰ ভিতৰত দুজনৰ নামত ২০২২ৰ পাইপ লাইনৰ গোচৰ ৰুজু হৈ আছে বুলিও যোৰহাট জিলা উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰিছে ।

লগতে পঢ়ক:কি বুলি মাতিব ? ৰাজনৈতিক নেতা, জাতীয় সংগঠনৰ নেতা, সাংবাদিক নে ডকাইত ? - Robbery in Guwahati

গুৱাহাটীত ৫.৫ কোটি টকাৰ ড্ৰাগছ জব্দ; ২ সৰবৰাহকাৰী আটক

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details