কৰ্মবিৰতি অব্যাহত গোলাঘাট ইঞ্জিনিয়াৰিং কলেজৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ - 4th grade employees protest
🎬 Watch Now: Feature Video


Published : March 5, 2024 at 10:57 PM IST
গোলাঘাট,৫ মাৰ্চ: পঞ্চম দিনত ভৰি দিলে গোলাঘাটৰ ইঞ্জিনিয়াৰিং কলেজৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতিয়ে । ১৩ মাহৰ অনাদায় দৰমহা প্ৰদান কৰা, মাহিলী দৰমহা নিয়মীয়াকৰণ আৰু বৃদ্ধি কৰা, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ পথসমূহ স্থায়ীকৰণৰ দাবীত গোলাঘাটৰ ইঞ্জিনিয়াৰিং কলেজৰ সন্মুখত ১ মাৰ্চৰ পৰা তেওঁলোকে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰিছে ৷ যি পৰ্যন্ত চৰকাৰে তেওঁলোকৰ এইসমূহ সমস্যা সমাধান নকৰে তেতিয়ালৈকে ইঞ্জিনিয়াৰিং কলেজৰ সন্মুখত এইদৰে প্ৰতিবাদ কৰি যোৱাৰ কথা উল্লেখ কৰে কৰ্মচাৰীসকলে ।
উল্লেখ্য যে ২০১৮ চনৰ পৰা গোলাঘাট পুলিবৰস্থিত ইঞ্জিনিয়াৰিং কলেজত নিয়োজিত ২২ জনকৈ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে দিনে নিশাই পৰিশ্ৰম কৰাৰ পাছতো ১৩ মাহ দিন ধৰি নিজৰ প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হবলগীয়া হৈছে । যাৰ পৰিপ্ৰেক্ষিতত এতিয়া নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ বাবেও যথেষ্ট সমস্যাৰ সম্মুখীন হ'বলগীয়া হৈছে কৰ্মচাৰীসকল । সেয়ে তেওঁলোকৰ দাবীসমূহ মানি নোলোৱা পৰ্যন্ত কৰ্মবিৰতি অব্যাহত ৰখাৰ হুংকাৰ কৰ্মচাৰীসকলৰ ।