অসম বিধানসভা বাজেট অধিৱেশন ২০২৫ৰ চতুৰ্থটো দিন - ASSAM ASSEMBLY BUDGET SESSION 2025
🎬 Watch Now: Feature Video


Published : February 21, 2025 at 9:52 AM IST
|Updated : February 21, 2025 at 2:20 PM IST
1 Min Read
অসম বিধানসভা বাজেট অধিৱেশন ২০২৫ ৰ আজি চতুৰ্থটো দিন ৷ আজি পুৱা ৯ বাজি ৩০ মিনিটৰ পৰা বিভিন্ন প্ৰশ্ন-উত্তৰ শিতানেৰে আৰম্ভ হৈছে আজিৰ অধিৱেশনৰ কাৰ্যসূচী ৷ বৃহস্পতিবাৰে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ প্ৰসংগও আজিৰ অধিৱেশেনত আলোচনা কৰাৰ সম্ভাৱনা আছে ৷ ইফালে এগৰাকী সাংসদক ৰাজহুৱাকৈ প্ৰহাৰ কৰা ঘটনাক লৈ ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰতিবাদ ৷ অসম বিধানসভা বাজেট অধিৱেশনৰ চতুৰ্থটো দিনৰ কাৰ্যসূচীৰ পূৰ্বে বিৰোধী এই ঘটনাক লৈ সদনৰ বাহিৰত প্ৰতিবাদ কৰে ৷ উল্লেখ্য যে, ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে এই বিধানসভাৰ অধিৱেশন ৷ ২৫ মাৰ্চলৈ চলিব এই অধিৱেশন ৷ ১০ মাৰ্চৰ দিনা আগন্তুক বিত্তীয় বৰ্ষৰ (২০২৫-২০২৬) বাবে ৰাজ্যিক বাজেট দাখিল হ'ব ৷
Last Updated : February 21, 2025 at 2:20 PM IST