বঙাইগাঁৱৰ টেন্টনপুৰত আই নৈৰ খহনীয়াত সৰ্বহাৰা নৈপৰীয়া - Assam Flood 2024 - ASSAM FLOOD 2024

🎬 Watch Now: Feature Video

thumbnail
বঙাইগাঁৱৰ টেন্টনপুৰত আই নৈৰ খহনীয়াত সৰ্বহাৰা নৈপৰীয়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 13, 2024 at 2:07 PM IST

1 Min Read
Choose ETV Bharat

বঙাইগাঁও, ১৩ জুলাই: আই নৈয়ে কালৰূপ ধাৰণ কৰিছে বঙাইগাঁও জিলাত । আই নৈৰ খহনীয়াৰ কবলত পৰিছে বিস্তীৰ্ণ অঞ্চলৰ ৰাইজ । বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত টেন্টনপুৰতো অব্যাহত আছে আই নৈৰ ভয়াবহ খহনীয়া । যোৱা ৬ টা দিনত গৃহহীন হৈছে প্ৰায় ৩০ টা পৰিয়াল । শনিবাৰে পুৱাৰ পৰা পুনৰ ৩ টা পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত বিলীন হৈছে । নৈৰ বুকুত বিলীন হৈছে শশ বিঘা কৃষিভূমি ।  

খহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলে অস্থায়ীভাৱে আশ্ৰয় লৈছে নিৰাপদ স্থানত । ইয়াৰ পিচতো জিলা প্ৰশাসন, জলসম্পদ বিভাগ তথা স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে খবৰ নোলোৱাৰ অভিযোগ ক্ষতিগ্ৰস্ত ৰাইজৰ । মৰমৰ ঘৰখন হেৰুৱাই কান্দোনত ভাগি পৰিছে ক্ষতিগ্ৰস্ত লোকসকল । শীঘ্ৰেই অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে মুখ্যমন্ত্ৰী লৈ আহ্বান জনাই ক্ষতিগ্ৰস্ত ৰাইজে । 

লগতে পঢ়ক: কলগাছিয়াত খহনীয়াৰ কৱলত পৰা দলং পৰিদৰ্শন বদৰুদ্দিন আজমলৰ - Badruddin Ajmal

ভৰসা নাই জনপ্ৰতিনিধিৰ ওপৰত : কলগাছিয়াত ৰাইজৰ শ্ৰমদানেৰে খহনীয়া ৰোধৰ চেষ্টা - Assam Flood 2024

শীঘ্ৰেই ধেমাজিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’ব তিনিটাকৈ কালভাৰ্ট - ASSAM FLOOD 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details