গৌৰৱ গগৈক পূৰ্ণ সমৰ্থন আগবঢ়াব শিৱসাগৰৰ ২৪ দল-সংগঠনে - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
শিৱসাগৰৰ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক (undefined)

By ETV Bharat Assamese Team

Published : April 11, 2024 at 8:48 PM IST

1 Min Read
Choose ETV Bharat

শিৱসাগৰ, 11 এপ্ৰিল : যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী গৌৰৱ গগৈ আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত শিৱসাগৰৰ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক ৷ শিৱসাগৰ নগৰৰ পদ্মা বিবাহ ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত হয় এই বৈঠক ৷ আজিৰ বৈঠকত উপস্থিত নাথাকিল 10 টা আহোম জনগোষ্ঠীয় সংগঠন ৷

বৈঠকত অসমীয়া যুৱ মঞ্চ, অসম ছাত্ৰ যুৱ সন্মিলনী, জাতীয় সংগ্ৰামী সেনা, জাগৃতি মহিলা সমিতি, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, সংগ্ৰামী সেনা অসম, ভোজপুৰী পৰিষদ, মুক্তি যোদ্ধা আৰু শিৱসাগৰ বিভিন্ন ক্ষেত্ৰৰ জ্যেষ্ঠ নাগৰিকসকলে অংশগ্ৰহণ কৰে ৷ বৈঠকত চি পি আই, অসম জাতীয় পৰিষদৰ প্ৰতিনিধিও উপস্থিত থাকে ৷ মুঠ 24 টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সৈতে এই বৈঠক সম্পন্ন হয় ৷

বৈঠকৰ অন্তত গৌৰৱ গগৈক নিৰ্বাচনত পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে 24 টা জাতীয়-জনগোষ্ঠীয় সংগঠনে ৷ প্ৰয়োজন সাপেক্ষে নিৰ্বাচনী প্ৰচাৰ অভিযানতো দল-সংগঠনসমূহে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷ লগতে বিজেপি প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈক বিদায় দিয়াৰ হুংকাৰ দিয়ে 24 টা দল-সংগঠনে ৷ 

লগতে পঢ়ক : তিনি প্ৰাৰ্থীক সময়সীমা বান্ধি দিলে 11 আহোম সংগঠনে - Tribal Status To Ahom Community

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details